অসম

assam

By

Published : Mar 29, 2021, 2:23 PM IST

ETV Bharat / bharat

এলডিএফ, ইউডিএফৰ দৰে সাপ কেৰালাক নালাগে : গিৰিৰাজ সিং

এলডিএফ, ইউডিএফক সাপৰ সৈতে তুলনা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ ৷ এই দুই দলৰ কেৰালাত প্ৰয়োজন নাই বুলি মন্তব্য সিঙৰ ৷

গিৰিৰাজ সিং
গিৰিৰাজ সিং

নেশ্যনেল ডেস্ক, 29 মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে সোমবাৰে মন্তব্য কৰে যে, আগন্তুক কেৰালা বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ জনতাই চৰকাৰ গঠনৰ বাবে ভাৰতীয় জনতা পাৰ্টীক নিৰ্বাচিত কৰিব, কিয়নো তেওঁলোক ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰন্ট আৰু লেফ্ট ডেম'ক্ৰেটিক ফ্ৰন্টৰ পৰা অতিষ্ঠ হৈ পৰিছে ৷

সিঙে কয়, "এলডিএফ আৰু ইউডিএফক বাৰে বাৰে কেৰালাত ক্ষমতা প্ৰদান কৰা হৈছে ৷ এটা দল যদি ফেঁটী সাপ আৰু আনটো সৰু সাপ ৷ কেৰালাক এই দুই সাপৰ প্ৰয়োজন নাই ৷ এতিয়া ইয়াত উন্নয়নৰ দিন আহিছে ৷"

তেওঁ লগতে কয়, "কেৰালাৰ উন্নয়নৰ অন্যতম নিদৰ্শন ই শ্ৰীধৰণে পালাভিৰাত্তম ফ্লাই অভাৰ নিৰ্মাণত অৰিহণা যোগাইছিল যদিও এই দুই দলৰ দুৰ্নীতিৰ বাবে ফ্লাই অভাৰখন খহি পৰে ৷"

ৰাজ্যখনৰ ৰাজহুৱা ঋণ তিনি লাখ কোটি টকা বুলি জানিবলৈ দি তেওঁ কয় যে, এই দুই দলৰ দুৰ্নীতিৰ বাবেই প্ৰশাসনিক বিষয়া জেকব থমাছে বিজেপিত যোগদান কৰিছিল ৷

উল্লেখ্য যে, 140 সদস্যৰ কেৰালা বিধানসভা সমষ্টিৰ নিৰ্বাচন 6 এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু 2 মে'ত ভোট গণনা কৰা হ'ব ৷

লগতে পঢ়ক :দেশবাসীক ৰাষ্ট্ৰপতিৰ হোলীৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details