নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: চৰকাৰে বিতৰণ কৰা চাউলৰ আৰু অন্যান্য খাদ্য সামগ্ৰী বিতৰণ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি সোমবাৰে কেৰালা উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰে । অপ্ৰয়োজনীয়ভাৱে ৰেচন কাৰ্ড থকা লোকসকলৰ মাজত চাউল বিতৰণ কৰা বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্য়িক নিৰ্বাচনী আয়োগে ।
সোমবাৰে উচ্চ ন্য়ায়ালয়ে কয় যে, বিশেষভাৱে চাউল বিতৰণ অব্যাহত ৰাখিব পাৰিব । অৱশ্যে, নীতি অনুসৰিহে চৰকাৰে চাউল বিতৰণ কৰিব পাৰিব । লগতে এই চাউল বিতৰণক লৈ যাতে নিৰ্বাচনী আচৰণ বিধি উলংঘা নহয় সেয়া নিশ্চিত কৰা উচিত বুলিও স্পষ্ট কৰি দিয়ে আদালতে ।