চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ: মনোৰঞ্জন জগতৰ বাবে যেতিয়াই কোনো নতুন ছবি আহে তেতিয়াই সেই ছবিখনৰ নিৰ্মাতাসকলৰ এটা চিন্তাৰ বিষয় থাকে যে ছবিখন যাতে বয়কটৰ সন্মূখীন হ’বলগীয়া নহয় ৷ যেতিয়াই কোনো এখন ছবি যদি বয়কটৰ সন্মূখীন হ’বলগীয়া হয় তেতিয়াই ছবিগৃহত ছবিখন টিকি থকাটো কেতিয়াবা প্ৰত্যাহ্বান স্বৰূপ হৈ পৰে ৷
তেনেই সমস্যাৰ এতিয়া সন্মূখীন হ’বলগীয়া হৈছে দক্ষিণ ছবি জগতৰ প্ৰবীণ অভিনেতা থালাপাথী বিজয়ে ৷ শেহতীয়াকৈ তেওঁৰ আহিবলগীয়া ছবি লিঅ'ৰ বাবে অনুৰাগীসকল অতিকৈ আগ্ৰহী হৈ পৰিছে । প্ৰায়ে দেখা যায় যে বিজয়ৰ ছবিৰ বাবে বিজয়ৰ অনুৰাগীৰ মাজত প্ৰচণ্ড উন্মাদনা দেখিবলৈ পোৱা যায় । বৰ্তমান অনুৰাগীসকলে অপেক্ষা কৰি আছে বিজয়ৰ আগন্তুক ছবি “লিঅ'ৰ” মুক্তিৰ বাবে ।
কিন্তু ইয়াৰ পূৰ্বে এই ছবিখনক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছে আৰু টুইটাৰত #KeralaBoycottLeo হেচটেগ ট্ৰেণ্ডিং কৰিবলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত আমি আপোনালোকক ক'বলৈ ওলাইছো দৰাচলতে ইয়াৰ আঁৰৰ কাৰণ কি ৷
টুইটাৰত বৰ্জন কৰিলে বিজয়ৰ ‘লিঅ'’
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত শনিবাৰে পুৱা দক্ষিণ ছুপাৰষ্টাৰ থালাপাথী বিজয়ৰ ছবি ‘লিঅ'’ক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । টুইটাৰত সকলোতে চৰ্চা হৈছে কেৰালাৰ বয়কটৰ ধাৰা। এনে পৰিস্থিতিত সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল যে কিয় বিজয়ৰ ছবিখন বৰ্জন কৰা হৈছে ।
আচলতে টুইটাৰ ট্ৰেণ্ডৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে থালাপথী বিজয়ৰ অনুৰাগীয়ে কোনো কাৰণ নোহোৱাকৈ কেৰেলাৰ ছবি উদ্যোগ আৰু দক্ষিণৰ প্ৰবীণ অভিনেতা মোহনলালক টাৰ্গেট কৰিছে, যাৰ বাবে বিজয়ৰ অনুৰাগীসকলেও মোহনলালৰ বিষয়ে ভুল কথা কৈছে । অৱশ্যে এই বিষয়ৰ কোনো আনুষ্ঠানিক নিশ্চিতকৰণ কৰিব পৰা নাযায় । কিন্তু টুইটাৰ ট্ৰেণ্ডে এই কথা দাবী কৰিছে ।
এই কাৰণেই লিঅ'ৰ সন্দৰ্ভত টুইটাৰত চলি আছে ‘ #KeralaBoycottLeo’ৰ ধাৰা । ইয়াৰ পৰা ক’ব পাৰি যে ‘লিঅ’ৰ বিৰুদ্ধে টুইটাৰত এই ধাৰা আৰম্ভ কৰিছে মালয়ালম চলচ্চিত্ৰ উদ্যোগ আৰু মোহনলালৰ অনুৰাগীয়ে ।
'লিঅ' কেতিয়া মুক্তি পাব জানি লওক
থালাপাথী বিজয়ৰ ‘লিঅ’ক লৈ অনুৰাগীৰ মাজত ব্যাপক উন্মাদনা ইতিমধ্যে পৰিলক্ষিত হৈছে । শেহতীয়াকৈ ঘোষণা কৰা হৈছে যে পৰিচালক লোকেশ কানাগৰাজৰ ছবি ‘লিঅ’ বলিউড অভিনেতা সঞ্জয় দত্তকো দেখা যাব । এনে পৰিস্থিতিত ‘'লিঅ’ সন্দৰ্ভত অনুৰাগীৰ উৎসাহৰ মাত্ৰা বৃদ্ধি পাইছে ।
ইফালে ‘'লিঅ'’ ছবিৰ মুক্তিৰ দিনলৈ চাবলৈ গ’লে থালাপাথী বিজয়ৰ এই ছবিখন ১৯ অক্টোবৰত অৰ্থাৎ দশহেৰা উপলক্ষে চিনেমাগৃহত মুক্তি পাব । উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিজয়ৰ ছবি ‘বিষ্ট’ আহিছিল, যিয়ে বক্স অফিচত বিশেষ সফলতা লাভ কৰিব পৰা নাছিল ।
লগতে পঢ়ক:Thalapathy : বিনামূলীয়াকৈ বিতৰণ সোণৰ আঙঠি, চিকেন বিৰিয়ানী, বিনামূলীয়া পেট্ৰ’লৰ সৈতে ২২০ টকা, কিন্তু ক’ত ?