নিউজ ডেস্ক, 29 অক্টোবৰ : দেওবাৰে পুৱা কেৰালাৰ কালামছেৰীত অনুষ্ঠিত খ্ৰীষ্টান ধৰ্মীয় সমাৱেশত সংঘটিত একাধিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি ৰাজ্যখনৰ থ্ৰিছুৰ জিলাত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে এজন লোকে ৷ ব্যক্তিজনে নিজকে ডমিনিক মাৰ্টিন বুলি পৰিচয় দি তেওঁ জেহ’ভাহ সাক্ষীৰ সদস্য বুলি দাবী কৰিছিল ৷
আত্মসমৰ্পণৰ পূৰ্বে তেওঁ ফেচবুকত এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত তেওঁ নিজৰ এই কাৰ্যক ন্যাৰ্যতা প্ৰদান কৰিছিল ৷ মালয়ালম আৰু হিন্দী ভাষাত দিয়া বাৰ্তাত ডমিনিক মাৰ্টিনে জেহ’ভাহ সাক্ষীসকলক "শিশুৰ মাজত ঘৃণা বিয়পোৱা বিশ্বাসঘাতক" বুলি অভিহিত কৰিছে ৷
তেওঁ অভিযোগ কৰিছিল যে জেহ’ভাহ সাক্ষীসকলে সকলো মানুহৰ বিপদৰ কামনা কৰে ৷ তেওঁ 16 বছৰ ধৰি "বিশ্বাসী" সকলৰ লগত থকা বুলি দাবী কৰি নিজকে শুধৰাই দিবলৈ আহ্বান জনায় ৷ "কিন্তু তেওঁলোকে নাকচ কৰিলে ৷ জেহ’ভাহ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী ৷" বিস্ফোৰণৰ কিছু সময়ৰ পিছত পোষ্ট কৰা ফেচবুক বাৰ্তাত তেওঁ এইদৰে কয় ৷
মাৰ্টিনে প্ৰায় 1.30 বজাত কোডাকাৰা থানাত উপস্থিত হয় ৷ আৰক্ষীক তেওঁ জনাইছিল যে তেওঁ বোমাটো স্থাপন কৰে ৷ তেওঁক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ প্ৰাথমিক জেৰাৰ সময়ত তেওঁ বিপৰীতমুখী উত্তৰ দিছিল ৷ আৰক্ষীয়ে তেওঁক বিতংভাৱে সোধা-পোছা কৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ বাবে এডিজিপিৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ বিষয়াসকল অতি সোনকালে কোডাকাৰাত উপস্থিত হ’ব ৷
একে সময়তে ধাৰাবাহিক বিস্ফোৰণৰ দোষীয়ে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা নীলা গাড়ীখনৰ তদন্ততো আৰক্ষীয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে ৷ এই গাড়ীতেই দুৰ্বৃত্তই প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱা কনভেনচন চেণ্টাৰত উপস্থিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ এই গাড়ীখনেই হৈছে এই ঘটনাৰ পিছত আৰক্ষীয়ে লাভ কৰা গুৰুত্বপূৰ্ণ তথ্য ৷ গাড়ীখনৰ নম্বৰ ভুৱা বুলি পৰীক্ষা কৰে আৰক্ষীয়ে ৷
বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে 45 জনৰো অধিক লোক আহত হোৱাৰ লগতে কিছুসংখ্যক গুৰুতৰভাৱে আহত হোৱা বুলি এডিজিপিৰ আইন আৰু শৃংখলাৰ এম আৰ অজিত কুমাৰে সাংবাদিকৰ আগত জনায় ৷ এডিজিপিয়ে কয় যে "মানুহজনৰ নাম ডমিনিক মাৰ্টিন ৷ তেওঁৰ দাবীৰ সমৰ্থনত প্ৰমাণ দিছিল ৷ আমি বৰ্তমান ইয়াক পৰীক্ষা কৰি আছো ৷ আমি তেওঁৰ দাবী আৰু কাৰণ সমূহো পৰীক্ষা কৰি আছো ৷"
জেহ’ভাহ সাক্ষী খ্ৰীষ্টান ধৰ্মীয় গোটৰ উৎপত্তি 19 শতিকাত আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল ৷ এই ঘটনা আৰক্ষীৰ চোৰাংচোৱা বিফলতাৰ পৰিণতি নেকি বুলি সাংবাদিকে সোধাত এডিজিপিয়ে কয় যে বাহিনীটোৰ সকলো শাখাই ফলপ্ৰসূভাৱে কাম কৰি আছে ৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ আৰক্ষী অধীক্ষক শইক দৰৱেশ চাহেবে তিৰুৱনন্তপুৰমত সংবাদ মাধ্যমৰ আগত কয় যে প্ৰাথমিক তদন্ত অনুসৰি আই ই ডিৰ বাবেই এই বিস্ফোৰণ সংঘটিত হৈছে ৷ আমি ইয়াক পৰীক্ষা কৰি আছো বুলিও তেওঁ কয় ৷
লগতে পঢ়ক :Blast in Kerala : কেৰালাৰ সন্মিলন কেন্দ্ৰত বিস্ফোৰণ, এজন লোক নিহত