অসম

assam

ETV Bharat / bharat

Nipah Virusৰ সংক্ৰমণৰ উৎস বিচাৰি তৎপৰ কেৰালা - নিপা ভাইৰাছৰ সংক্ৰমণ

Nipah Virusৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰাৰ উদ্দেশ্যে তৎপৰ কেৰালা ৷ নিপা ভাইৰাছ(Nipah virus)ৰ সংক্ৰমণৰ ফলত কেৰালাৰ Kozhikode জিলাত এজন 12 বছৰীয়া ল'ৰাৰ মৃত্যুৰ পাচতে তৎপৰ হৈ উঠিছে ৰাজ্যখন ৷ contact tracing শক্তিশালী কৰি তোলাৰ লগতে সংক্ৰমণৰ উৎস নিৰ্ধাৰণ কৰাক বৰ্তমান প্ৰাথমিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জ(Veena George)ৰ ৷

Kerala authorities intensify efforts to trace origin of Nipah virus
Nipah Virusৰ সংক্ৰমণৰ উৎস বিচাৰি তৎপৰ কেৰালা

By

Published : Sep 6, 2021, 5:33 PM IST

নেশ্যনেল ডেস্ক , 6 ছেপ্তেম্বৰ : কেৰালাৰ Kozhikode জিলাত নিপা ভাইৰাছ(Nipah virus)ৰ সংক্ৰমণৰ ফলত এজন 12 বছৰীয়া ল'ৰাৰ মৃত্যুৰ পাচতে তৎপৰ হৈ উঠিছে ৰাজ্যখন ৷ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজ্যখনে ইতিমধ্যে স্বাস্থ্য বিভাগক অধিক সতৰ্কতা অৱলম্বন কৰাৰ বাব নিৰ্দেশ দিছে ৷ ভাইৰাছবিধৰ সংক্ৰমণৰ উৎস বিচাৰি উলিওৱাৰ বাবেও স্থানীয় কৰ্তৃপক্ষই প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে ৷

ভাইৰাছবিধ যাতে অধিক বিস্তাৰিত হ'ব নোৱাৰে, তাৰ বাবে ইয়াৰ সংক্ৰমণৰ উৎস বাচি উলিওৱাটো সম্প্ৰতি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ সোমবাৰে সাংবাদিকক উদ্দেশ্যি স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জ(Veena George)এ কয় যে, contact tracing শক্তিশালী কৰি তোলাৰ লগতে সংক্ৰমণৰ উৎস নিৰ্ধাৰণ কৰাক বৰ্তমান প্ৰাথমিক অগ্ৰাধিকাৰ দিয়া হৈছে ৷

নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ল'ৰাজন অধিক লোকৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আশংকা ব্যক্ত কৰে ৷ সেয়ে শিশুটিৰ সংস্পৰ্শলৈ অহা উচ্চ বিপদাশংকা (high-risk contacts) থকা লোকসকলৰ ভিতৰত 20 গৰাকী লোকৰ ভিতৰত সাতগৰাকীৰ নমুনা পুনে(Pune) NIVলৈ প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক :কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ক্ষেত্ৰকৰ্মীসকলক বৰ্তমান বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷ মৃত্যু হোৱা শিশুটিয়েই প্ৰথমে এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে নে শিশুটিৰ শৰীৰলৈ অন্য ক'ৰবাৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ হৈছে সেই কথা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি তেওঁ সদৰী কৰে ৷ এইক্ষেত্ৰত শিশুটিৰ সংস্পৰ্শলৈ অহা 188 জন লোকক বিচাৰি উলিওৱা হৈছে বুলি জানিবলৈ আৰু অধিক লোক থাকিব পাৰে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আশংকা ব্যক্ত কৰে ৷ অৱশ্যে সকলো লোককে বিচাৰি উলিওৱাৰ বাবে চেষ্টা চলাই থকা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, পশুপালন বিভাগ( Animal Husbandry Department)ৰ বিষয়াসকলে Chathamangalam পঞ্চায়তৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিব ৷ কিয়নো, এই স্থানতে নিপাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত শিশুটিৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল ৷ এই বিষয়াসকল ভুক্তভোগীৰ ঘৰলৈ যাব আৰু পোহনীয়া জন্তুৰ নমুনা সংগ্ৰহ কৰিব ৷ অঞ্চলটোত বাদুলিৰ বিষ্ঠা, প্ৰস্ৰাৱ আদি সংগ্ৰহ কৰি সেইসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব লাগে নে নালাগে সেই সন্দৰ্ভতো বিষয়াসকলে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

লগতে পঢ়ক :'নিপা'ৰ আতংকৰ মাজতো বাদুলি সংৰক্ষণ গাঁওবাসীৰ

উল্লেখ্য যে, চিকিৎসকে পৰ্যবেক্ষণৰ অধীনত থকাসকলৰ TrueNat পৰীক্ষা কৰাৰ সমান্তৰালকৈ পুনেৰ National Institute of Virologyএ এই উদ্দেশ্যে এটা বিশেষ পৰীক্ষাগাৰ স্থাপন কৰিব ৷ যদিহে পৰীক্ষাৰ ফলাফল পজিটিভ হয়, তেন্তে Pune Instituteত এটা confirmatory test কৰা যাব, যাৰ ফলাফল 12 ঘন্টাৰ ভিতৰত লাভ কৰিব পৰা যাব ৷ ইফালে দুগৰাকী স্বাস্থ্যসেৱা কৰ্মীৰ শৰীৰতো নিপাহ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে ৷

জানিব পৰা মতে, ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যুক সাৱটা শিশুটি 27 আগষ্টত জ্বৰত ভোগাত তেওঁক অঞ্চলটোৰ এখন ক্লিনিকত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাচতে তেওঁক Omasseryৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পাচত তেওঁক Kozhikode মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ পাচত শিশুটিক পুনৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় আৰু উক্ত চিকিৎসালয়তে দেওবাৰে শিশুটিৰ মৃত্যু হয় ৷ পুনেৰ National Institute of Virology এ শিশুটিৰ শৰীৰত নিপাহ ভাইৰাছৰ অৱস্থিতি নিশ্চিত কৰে ৷

2018 চনৰ মে'ত কেৰালাৰ এইখন জিলাতে দক্ষিণ ভাৰতত প্ৰথম নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ(first Nipah virus outbreak in South India) পৰিলক্ষিত হৈছিল ৷ সেই সময়ত ৰাজ্যখনত ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত 17জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 18জনৰ শৰীৰত ভাইৰাছৰ নিশ্চিত অৱস্থিতি পোৱা গৈছিল ৷

লগতে পঢ়ক :কেৰালাত পুনৰ নিপাতংক

ABOUT THE AUTHOR

...view details