অসম

assam

ETV Bharat / bharat

কেৰালাত সম্পূৰ্ণ লক ডাউন ঘোষণা - অত্যাৱশ্যকীয় দোকান পোহাৰ

কেৰালাত ৰাজ্য চৰকাৰে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত 8-16 মে’লৈ সম্পূৰ্ণ 9 দিন লক ডাউন ঘোষণা কৰিছে ৷

কেৰালাত সম্পূৰ্ণ লক ডাউন ঘোষণা
কেৰালাত সম্পূৰ্ণ লক ডাউন ঘোষণা

By

Published : May 6, 2021, 7:24 PM IST

নেচনেল ডেস্ক,6 মে’:দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা ক’ভিড-19 ৰ সংক্ৰমণে দেশবাসীক চিন্তিত কৰি তুলিছে ৷ প্ৰতিদিনে ক’ৰণাত আক্ৰান্ত বহু লোকৰ মৃত্যু হৈছে ৷ দেশৰ ৰাজধানী দিল্লী আৰু মহাৰাষ্ট্ৰত ক’ভিড পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৷ অক্সিজেনৰ অভাৱ তথা প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীৰ নাটনিৰ ফলত বহু লোকৰ মৃত্যু ঘটিছে দেশত ৷ সম্প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশে ভাৰতবৰ্ষক সহায়-সহযোগিতা আগবঢ়োৱা দেখা গৈছে ৷

তাৰ মাজতে কেৰালাত ৰাজ্য চৰকাৰে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত ৰাজ্যখনত চলিত মাহৰ 8 মে’ৰ পৰা 16 মে’লৈ সম্পূৰ্ণ 9 দিন লক ডাউন ঘোষণা কৰিছে ৷ কিয়নো ৰাজ্যখনত ক’ভিডৰ পৰিপ্ৰেক্ষিতত যিবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, সেইসমূহে সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সেই হেতুকে ৰাজ্যখনত এতিয়া চৰকাৰে সম্পূৰ্ণ লক ডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণ স্থগিত ৰখাৰ লগতে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব ৷

একেদৰে ৰাজ্যখনত স্বাস্থ্য কৰ্মী, ক’ভিড প্ৰতিৰোধ কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিসকল, অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ লগত নিয়োজিত ব্যক্তিসকলক লক ডাউনৰ পৰা ৰেহাই দিছে ৷ তাৰ বিপৰীতে অত্যাৱশ্যকীয় দোকান-পোহাৰৰ লগতে চিকিৎসাৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়কঃ ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা

ABOUT THE AUTHOR

...view details