নেশ্যনেল ডেস্ক, ৮ জুন :শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) ৰাষ্ট্ৰীয় ৰাজধানীত ‘দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি’ ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল । সোমবাৰৰ পৰা এই আঁচনি আৰম্ভ হোৱাৰ কথা আছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়ণত বাধা দিছিল । ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা দেখা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
কেৱল এয়াই নহয় দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লী চৰকাৰৰ ‘দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি’ বন্ধ ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি সুধিছিল যে কিয় পাঁচবাৰ কেন্দ্ৰলৈ পত্ৰ লিখা স্বত্বেও আঁচনিখন বন্ধ কৰি দিয়া হৈছে ।
আনকি ৰাজধানী দিল্লীত ‘দুৱাৰমুখৰ ৰেচন বিতৰণ আঁচনি’ ৰূপায়ণৰ অনুমতি দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ক আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)। মুখ্যমন্ত্ৰীগৰাকীয়ে এক পত্ৰযোগে এই আহ্বান জনোৱাৰ লগতে এই আঁচনিখন সমগ্ৰ দেশতে কৰ'ণা পৰিস্থিতিত ৰূপায়ণ কৰিবলৈ আহ্বান জনায় ।