অসম

assam

ETV Bharat / bharat

Kejriwal Bungalow Row : চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ ৰজাৰ পৰা কি আশা কৰিব পাৰি; প্ৰধানমন্ত্ৰীক আক্ৰমণ কেজৰিৱালৰ - Kejriwal slams PM Modi

বুধবাৰে চিবিআয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ পিডব্লিউডিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । চিবিআইৰ এই সিদ্ধান্তৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয় যে প্ৰধানমন্ত্ৰী উদ্বিগ্ন হৈ আছে ।

Kejriwal Bungalow Row
Kejriwal Bungalow Row

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 8:36 PM IST

প্ৰধানমন্ত্ৰীক আক্ৰমণ কেজৰিৱালৰ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ :দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ চৰকাৰী বাংলোৰ নৱীকৰণৰ চিবিআই তদন্ত আৰম্ভ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে । বৃহস্পতিবাৰে কেজৰিৱালে কয় যে তেওঁৰ বিৰুদ্ধে তদন্ত নতুন নহয় । প্ৰধানমন্ত্ৰী উদ্বিগ্ন হৈ পৰিছে আৰু এই কাৰ্যই তেওঁৰ উদ্বিগ্নতা প্ৰদৰ্শন কৰিছে । তেওঁ লগতে কয় যে এইটোৱে প্ৰথম তদন্ত নহয়, এতিয়ালৈকে বিগত ৮ বছৰত তেওঁৰ বিৰুদ্ধে ৫০ টাতকৈও অধিক গোচৰৰ তদন্ত কৰা হৈছে ।

"কেতিয়াবা তেওঁলোকে কয় যে কেজৰিৱালে বিদ্যালয় নিৰ্মাণত, বাছত, সুৰাত, পথ নিৰ্মাণত, পানীত আৰু লগতে বিদ্যুতত কেলেংকাৰী কৰিছে । বিশ্বত হয়তো সৰ্বাধিকসংখ্যক তদন্ত মোৰ ক্ষেত্ৰতে হৈছে । এতিয়ালৈকে কোনো ক্ষেত্ৰতে একো পোৱা হোৱা নাই আৰু ইয়াতো একো নাপাব । যেতিয়া একো ভুলেই কৰা নাই, তেতিয়া আপুনি কি পাব ?" কেজৰিৱালে এই মন্তব্য কৰি কয় যে এগৰাকী চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ ৰজাৰ পৰা আৰু কি আশা কৰিব পাৰি ।

প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কেজৰিৱালে কয় যে প্ৰধানমন্ত্ৰীয়ে কেৱল দিনটোৰ ২৪ ঘণ্টায়ে তদন্ত-তদন্তৰ খেল খেলি থাকে বা ভাষণ দি থাকে । তেওঁলোকে একো নকৰে । তেওঁলোকে বিচাৰে যে মই আন নেতা আৰু দলৰ দৰে তেওঁলোকৰ সৈতে যোগ দিওঁ । কিন্তু মই তেওঁলোকৰ ওচৰত শিৰনত কৰাবিধৰ নহয় । তেওঁলোকে মোৰ বিপক্ষে যিমান বিচাৰে সিমান তদন্ত কৰাওক বা ভুৱা গোচৰ ৰুজু কৰক । মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ যে যেনেদৰে পূৰ্বৰ সকলো তদন্তত একো ওলোৱা নাই, এই তদন্ততো একো নোলায় । আৰু যদি তেনে হয়, তেন্তে মিছা তদন্ত কৰাৰ বাবে তেওঁ পদত্যাগ কৰিবনে ?

উল্লেখ্য যে কেজৰিৱালৰ চৰকাৰী বাংলোৰ নৱীকৰণে প্ৰকাশ কৰিছে যে ৰাজহুৱা নিৰ্মাণ বিভাগৰ বহু মানদণ্ড তাত উলংঘা কৰা হৈছে । ইয়াৰ ভিতৰত আছে নৱীকৰণৰ বাবে ৪৫ কোটি টকাৰো অধিক ব্যয়, ডিডিএৰ মাষ্টাৰ প্লেন উলংঘন, নিৰ্মাণৰ বাবে বিভিন্ন খণ্ডত উচ্চ ব্যয় আৰু ঐতিহ্য আইন উলংঘন ।

লগতে পঢ়ক: Kejriwal bungalow renovation: CBIয়ে আৰম্ভ কৰিলে কেজৰিৱালৰ বাসগৃহ পুনৰ নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত

ABOUT THE AUTHOR

...view details