অসম

assam

ETV Bharat / bharat

Kejriwal on EC appointment : 'প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্বল কৰিছে দেশৰ গণতন্ত্ৰ'-কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে নিৰ্বাচনী আয়ুক্ত নিযুক্তি কৰাৰ ক্ষেত্ৰত বিধেয়কখনৰ ভূমিকাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে । কেজৰিৱালে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।

Kejriwal on EC appointment
প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্বল কৰিছে দেশৰ গণতন্ত্ৰ

By

Published : Aug 10, 2023, 6:37 PM IST

নেশ্যনেল ডেস্ক,১০ আগষ্ট :দিল্লীৰ বিতৰ্কিত সেৱা বিধেয়কক লৈ আম আদমি পাৰ্টীৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ মাজত সংঘাত অব্যাহত আছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী আয়ুক্তসকলৰ বাছনি সমিতিক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ কৰে । কেজৰিৱালে টুইট কৰি কয় যে নিৰ্বাচনী আয়ুক্তসকলৰ বাছনি সমিতিত দুজন বিজেপিৰ আৰু এজন কংগ্ৰেছৰ হ'ব । অৰ্থাৎ সমিতিত যাক বাছনি কৰা হ'ব তেওঁ বিজেপিৰ অনুগত হ'ব ।

কেজৰিৱালে টুইটত লিখিছে যে তেওঁ ইতিমধ্যে কৈছিল যে প্ৰধানমন্ত্ৰীয়ে দেশৰ উচ্চতম ন্যায়ালয়ত বিশ্বাস নকৰে । তেওঁৰ বাৰ্তাটো স্পষ্ট যে তেওঁ উচ্চতম ন্যায়ালয়ৰ আদেশ পচন্দ নকৰে, তেওঁ সংসদত এখন আইন আনি ইয়াক সলনি কৰিব বিচাৰিছে । যদি প্ৰধানমন্ত্ৰীয়ে মুকলিকৈ উচ্চতম ন্যায়ালয়ৰ আজ্ঞা পালন নকৰে, তেন্তে ই এক অতি বিপদজনক পৰিস্থিতি বুলি কেজৰিৱালে উল্লেখ কৰে ।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে উচ্চতম ন্যায়ালয়ে এখন নিৰপেক্ষ সমিতি গঠনৰ কথা কৈছিল । যিয়ে নিৰপেক্ষ নিৰ্বাচনী আয়ুক্ত বাছনি কৰিব । এতিয়া উচ্চতম ন্যায়ালয়ৰ আদেশ প্ৰত্যাৱৰ্তন কৰি প্ৰধানমন্ত্ৰীয়ে এখন সমিতি গঠন কৰিছে যি তেওঁৰ নিয়ন্ত্ৰণত থাকিব । প্ৰধানমন্ত্ৰীয়ে এতিয়া তেওঁৰ পচন্দৰ এজন ব্যক্তিক নিৰ্বাচনী আয়ুক্ত হিচাপে বাছনি কৰিবলৈ সক্ষম হ'ব । ই নিৰ্বাচনৰ নিৰপেক্ষতাক প্ৰভাৱিত কৰিব বুলিও কেজৰিৱালে অভিযোগ কৰে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সিদ্ধান্তৰ দ্বাৰা ভাৰতীয় গণতন্ত্ৰক দুৰ্বল কৰি আহিছে বুলি অভিযোগ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

'আপ কা মেহতা' নামৰ এটা টুইটাৰ হেণ্ডেলে সামাজিক মাধ্যমত মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ কথা উল্লেখ কৰিছে । লগতে, সংসদলৈ অহা বিধেয়কৰ ফটোও টেগ কৰিছে । কেজৰিৱালে এই টুইটটো পুনৰ শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ।

উল্লেখ্য যে দিল্লী অধ্যাদেশ বিধেয়ক চৰ্চালৈ অহাৰ পাছতে বিতৰ্ক আৰম্ভ হৈছে । দুয়োখন সদনে ইয়াক গৃহীত কৰাৰ পাছৰে পৰা আপ আৰু বিজেপিৰ মাজত পুনৰ অভিযোগ আৰু প্ৰতি অভিযোগৰ ৰাজনীতি আৰম্ভ হৈছে ।

লগতে পঢ়ক :Illegal immigration companies in Punjab : অবৈধ অনুপ্ৰৱেশ এজেন্সীৰ বিৰুদ্ধে কঠোৰ পঞ্জাৱ চৰকাৰ

ABOUT THE AUTHOR

...view details