অসম

assam

ETV Bharat / bharat

Delhi BJP president slams Kejriwal : কেজৰিৱালক গেংষ্টাৰ আতিক আহমেদৰ সৈতে তুলনা বিজেপি নেতাৰ - Kejriwal at CBI office

চিবিআই কাৰ্যালয়ত উপস্থিত অৰবিন্দ কেজৰিৱাল (Kejriwal at CBI office)। তেনে সময়তে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কেজিৰৱালক গেংষ্টাৰ আতিক আহমেদৰ সৈতে তুলনা কৰে । দুয়োগৰাকীৰে ভাষা একে বুলি দাবী কৰে বিজেপি নেতাগৰাকীয়ে ।

Delhi BJP president slams Kejriwal
কেজৰিৱালক গেংষ্টাৰ আতিক আহমেদৰ সৈতে তুলনা বিজেপি নেতাৰ

By

Published : Apr 16, 2023, 5:39 PM IST

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল :দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী গোচৰত চিবিআইয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তলব কৰিছে (CBI summons Kejriwal)। সোধাপোছাৰ সন্মুখীন হ'বলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী চিবিআইৰ কাৰ্যালয়ত হাজিৰ হৈছে । ইয়াকে লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আম আদমি পাৰ্টীয়ে সমগ্ৰ প্ৰক্ৰিয়াটোত কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিছে । বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলি বিৰোধীয়ে অভিযোগ কৰিছে ।

কিন্তু ইয়াৰ মাজতে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাৰ বিস্ফোৰক মন্তব্য (Delhi BJP president on Kejriwal)। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক নিহত গেংষ্টাৰ আতিক আহমেদৰ সৈতে তুলনা কৰিলে বিজেপি নেতাগৰাকীয়ে । দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক নিহত আতিক আহমেদৰ সৈতে তুলনা কৰি বীৰেন্দ্ৰ সচদেৱাই কয় যে, কেজৰিৱাল আৰু আতিক আহমেদে একে ধৰণৰ কথা কয় (Delhi BJP president Virendra Sachdeva)।

দিল্লী বিজেপিৰ মুৰব্বী সচদেৱে কয়, "কেজৰিৱালে আজি গেংষ্টাৰ আতিকৰ দৰে একে ভাষাৰে কথা পাতি আছে, তেওঁৰ দৰে যুক্তি দি তদন্তকাৰী সংস্থাসমূহৰ প্ৰশ্ন এৰাই চলিবলৈ চেষ্টা কৰিছে (BJP leader compares Kejriwal with gangster Atiq)। সুৰা মাফিয়াৰ পৰা ১৪৪ কোটি টকা কিয় ৰেহাই দিয়া হৈছিল ? বিজয় নায়াৰে সমীৰ মহেন্দ্ৰুৰ বিষয়ত কিয় কথা নকয় ? কেজৰিৱালে কিয় এই সত্যটো লুকুৱাই ৰাখিছিল যে, বিজয় নায়াৰে চৰকাৰী বাসগৃহটো নিজৰ ঘৰ কৰি লৈছিল ? নায়াৰে নিজেই তেওঁৰ বিবৃতিত কৈছে যে, তেওঁক অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ মাতি অনা হৈছিল আৰু কোৱা হৈছিল যে আবকাৰী নীতিত যি পৰিৱৰ্তন হৈছে কেৱল সেয়া কাৰ্যকৰী কৰিব লাগিব ।"

উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে ১২ এপ্ৰিলত ইডিলৈ দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ সৈতে জড়িত ধন আত্মসাৎ গোচৰত আম আদমী পাৰ্টিৰ (আপ) প্ৰাক্তন নেতা বিজয় নায়াৰৰ জামিন আবেদনৰ ওপৰত জাননী জাৰি কৰিছিল, যাক বাতিল কৰা হৈছে । ফেব্ৰুৱাৰীত, তেওঁৰ জামিন বিচাৰ আদালতে প্ৰত্যাহাৰ কৰিছিল । জামিনৰ আবেদন নাকচ কৰাৰ সময়ত, ৰাউজ এভিনিউ আদালতে লক্ষ্য কৰিছিল যে, এই গোচৰটোত কোনো আবেদনকাৰী বা অভিযুক্তক এই গোচৰত জামিনত মুকলি কৰাৰ যোগ্য নহয় কিয়নো তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ যথেষ্ট গুৰুতৰ আৰু ধাৰা ৩-ৰ দ্বাৰা নিৰ্ধাৰিত আৰু মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ ধাৰা ৪-ৰ দ্বাৰা দণ্ডনীয় । সেয়েহে, তেওঁলোকৰ জামিনৰ আৱেদন খাৰিজ কৰা হৈছিল ।

আবকাৰী নীতিৰ গোচৰত ইডিয়ে দ্বিতীয় অভিযোগনামাত বিজয় নায়াৰ, শৰৎ ৰেড্ডী, বিনয় বাবু, অভিষেক বইনপল্লী, অমিত অৰোৰা আৰু ৭টা কোম্পানীৰ নাম উল্লেখ কৰিছিল । দিল্লী চৰকাৰৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকো চিবিআই আৰু ইডিয়ে গ্ৰেপ্তাৰ কৰিছে ।

এনেবোৰ বিতৰ্ক চলি থকাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীক চিবিআইয়ে সোধাপোছা কৰিবলৈ কাৰ্যালয়লৈ মাতি পঠিয়াই । চিবিআইৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে বিজেপিক তীব্ৰ সমালোচনা কৰে । কেন্দ্ৰত থকা বিজেপিয়ে চিবিআইক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈও নিৰ্দেশ দিয়া বুলিও কেজৰিৱালে ইংগিত দিছিল । তাৰ প্ৰত্যুত্তৰত বিজেপিৰ সভাপতিয়ে অৰবিন্দ কেজৰিৱালত উভতি ধৰে ।

লগতে পঢ়ক :Kejriwal on CBI summons: মই যদি দুৰ্নীতিগ্ৰস্ত হয় তেন্তে এই পৃথিৱীত সৎ কোনো নাই: কেজৰিৱাল

ABOUT THE AUTHOR

...view details