অসম

assam

ETV Bharat / bharat

কেজৰিৱালে অজুহাত বন্ধ কৰা উচিত:প্ৰকাশ জাভেড়কাৰ - কেজৰিৱালে অজুহাত বন্ধ কৰা উচিত

ভেকছিনৰ নাটনি বুলি কোৱাৰ পিছতে কেজৰিৱালক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে । দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ৰাষ্ট্ৰীয় ৰাজধানীৰ নামত নিৰন্তৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ।

Kejriwal should stop making excuses
কেজৰিৱালে অজুহাত বন্ধ কৰা উচিত

By

Published : May 22, 2021, 8:08 PM IST

Updated : May 22, 2021, 8:18 PM IST

নেশ্যনেল ডেস্ক,২২ মে': শেহতীয়াকৈ নতুন দিল্লীত ভেকছিনৰ নাটনিৰ এক খবৰ আহিছে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কোৱা মতে ভেকছিনৰ নাটনিৰ বাবে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ বাবে ক'ভিড-১৯ টীকাকৰণ কেন্দ্ৰসমূহ বন্ধ কৰি দিয়া হৈছে । এই ভাষ্যৰ পিছতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বহু মন্ত্ৰী তথা বিজেপি দলৰ নেতাসকল জাঙুৰ খাই উঠিছে ।

কেজৰিৱালক সমালোচনাও কৰিছে কেইবাগৰাকী নেতাই । দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ৰাষ্ট্ৰীয় ৰাজধানীৰ নামত নিৰন্তৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে । লগতে তেওঁক অজুহাত বন্ধ কৰিবলৈও কয় কেইবাগৰাকী নেতাই ।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা প্ৰকাশ জাভেড়কাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে দিল্লীক প্ৰায় ৫০ লাখ পালি ভেকছিন প্ৰদান কৰিছে আৰু ভৱিষ্যতেও প্ৰদান কৰি থাকিব । তেওঁ লগতে এক বিবৃতিত কয় যে স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত দেশৰ সমগ্ৰ প্ৰাপ্তবয়স্ক লোকসকলক কেনেদৰে টীকাকৰণ কৰিব পাৰি সেই সন্দৰ্ভত ইতিমধ্যে পৰিকল্পনাটো সকলোৰে সৈতে আলোচনা কৰিছে ।

কিন্তু ইয়াৰ পিছতো কেজৰিৱালে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই থকাৰ অভিযোগ বিজেপি গৰাকীৰ । প্ৰথমে অক্সিজেনৰ নাটনি বুলি কৈছিল আৰু পিছত অতিৰিক্ত অক্সিজেন আছে বুলি কৈছিল কেজৰিৱালে ।

লগতে পঢ়ক:কেন্দ্ৰলৈ 99,122 কোটি টকাৰ ধনৰাশি স্থানান্তৰৰ অনুমোদন ৰিজাৰ্ভ বেঙ্কৰ

Last Updated : May 22, 2021, 8:18 PM IST

ABOUT THE AUTHOR

...view details