অসম

assam

ETV Bharat / bharat

Wrestlers Protest: ভাৰতৰ খেলুৱৈসকলৰ লগত কৰা এনে আচৰণ সম্পূৰ্ণৰূপে নিন্দনীয়; অৰবিন্দ কেজৰিৱাল - Arvind Kejriwal slams BJP

ইতিমধ্যে আজি বিয়লি আটকাধীন মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীয়ে মুকলি কৰি দিছে ৷ মহাপঞ্চায়তৰ বাবে আজি আৰক্ষীৰ বেৰিকেড ভাঙি নতুন সংসদ ভৱনৰ দিশে মল্লযুঁজাৰুসকলে প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে দিল্লী আৰক্ষীয়ে আটক কৰিছিল মল্লযুঁজাৰুসকলক (Police detained wrestlers in Delhi) ।

Kejriwal, Mamata condemn Delhi cops' highhandedness against protesting wrestlers
ভাৰতৰ খেলুৱৈসকলৰ লগত কৰা এনে আচৰণ সম্পূৰ্ণৰূপে নিন্দনীয়

By

Published : May 28, 2023, 10:46 PM IST

Updated : May 28, 2023, 10:54 PM IST

নিউজ ডেস্ক, 28 মে’ :আজিৰ দিনটো দেশবাসীৰ বাবে নতুন সংসদ ভৱন মুকলি কৰাৰ লগতে আনফালে প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ লগত হতাহতিত লিপ্ত হৈছে দিল্লী আৰক্ষী ৷ ৰাজপথৰ পৰা চোঁচৰাই, টানি আজুৰি লৈ যোৱা হ’ল দেশৰ গৌৰৱ বুলি দেশবাসীয়ে গৰ্ব কৰা মল্লযুঁজাৰুসকলক ৷ পূৰ্বতে মল্লযুঁজাৰুসকলে ঘোষণা কৰা মহাপঞ্চায়তৰ বাবে আজি আৰক্ষীৰ বেৰিকেড ভাঙি নতুন সংসদ ভৱনৰ দিশে মল্লযুঁজাৰুসকলে প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে দিল্লী আৰক্ষীয়ে আটক কৰিছিল মল্লযুঁজাৰুসকলক (Police detained wrestlers in Delhi) । তাৰ পিচতেই দেশজুৰি মল্লযুঁজাৰুসকলৰ সমৰ্থনত সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা হৈছে আৰক্ষীয়ে চোঁচৰাই লৈ যোৱা প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ ফটো ৷

এসময়ত দেশৰ হকে পদক কঢ়িয়াই অনা মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে চৰকাৰৰ আক্ৰোশমূলক পদক্ষেপৰ পিচতে বিৰোধীয়ে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহনা দিছে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাক্ষী মালিকে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ ৰীটুইট কৰি উল্লেখ কৰে যে,দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈজনৰ সৈতে এনে আচৰণ সম্পূৰ্ণৰূপে ভুল আৰু নিন্দনীয় (Arvind Kejriwal slams BJP)।

ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে, দিল্লী আৰক্ষীয়ে সাক্ষী মালিক, বিনেশ ফোগাট আৰু অন্যান্য মল্লযুঁজাৰুসকলৰ সৈতে যিদৰে হতাহাতি কৰিছিল তাক লৈ তীব্ৰ গৰিহণা দিছো (Mamata Benarjee slams bjp govt)। আমাৰ চেম্পিয়নসকলৰ লগতে কৰা এনে ব্যৱহাৰ লজ্জাজনক ৷ সহিষ্ণুতা গণতন্ত্ৰৰ এটা অংশ যদিও স্বৈৰাচ্ছাৰী আৰু দমন নীতি ভাল নহয় । মল্লযুঁজাৰুসকলৰ সমৰ্থনত এই টুইট কৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ৷

উল্লেখ্য যে আজি সন্ধিয়া আটকাধীন মল্লযুজাৰুসকলক দিল্লী আৰক্ষীয়ে মুকলি কৰি দিছে ৷ বিনেশ ফোগাট, সংগীতা ফোগাট আৰু সাক্ষী মালিকক কালকাজী আৰক্ষী থানাৰ পৰা মুকলি কৰি দিয়া হৈছে। একে সময়তে, মল্লযোদ্ধা বজৰং পুনিয়াকে ধৰি বহুতো মল্লযোদ্ধাক এতিয়াও আৰক্ষী থানাৰ ভিতৰত আটক কৰা হৈছে।

ইফালে সাক্ষী মালিকে আৰক্ষীৰ জিম্মাৰ পৰা ওলাই অহাৰ পিচতে, আমি পুনৰ যন্তৰ-মন্তৰত প্ৰতিবাদ অব্যাহত ৰাখিম বুলি টুইটযোগে হুংকাৰ প্ৰদান কৰে ৷ লগতে টুইটটোত উল্লেখ কৰে , "আমাৰ আন্দোলন শেষ হোৱা নাই। আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পিচত, আমি যন্তৰ-মন্তৰত আমাৰ সত্যাগ্ৰহ পুনৰ আৰম্ভ কৰিম। এই দেশত এতিয়া কোনো একনায়কত্ব নাথাকিব ৷ মহিলা মল্লযোদ্ধাসকলৰ সত্যাগ্ৰহ অব্যাহত থাকিব ।"

অৱশ্যে, দেওবাৰে বিয়লি যন্তৰ-মন্তৰত দিল্লী আৰক্ষীয়ে মল্লযোদ্ধাসকলৰ সামগ্ৰীসমূহ আঁতৰাই পেলাইছে । ইয়াত বৃহৎ সংখ্যক বাহিনী মোতায়েন কৰা হৈছে।

লগতে পঢ়ক:Wrestlers Protest: অহংকাৰী ৰজাই সাধাৰণ জনতাৰ কণ্ঠস্বৰ ভৰিৰে মোহাৰিছে; ৰাহুল গান্ধী

Last Updated : May 28, 2023, 10:54 PM IST

ABOUT THE AUTHOR

...view details