নেশ্যনেল ডেস্ক , 30 ছেপ্টেম্বৰ :আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচন(Punjab Assembly polls)ৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পাঁচটাকৈ বৃহৎ প্ৰতিশ্ৰুতি লৈ ব্যৱসায়ীসকলৰ কাষ চাপিছে দিল্লীৰ মুখ্যমন্ত্ৰী( Delhi Chief Minister) অৰবিন্দ কেজৰিৱাল ৷ দলৰ হৈ পাঁচটা বৃহৎ প্ৰতিশ্ৰুতিৰে সৈতে বুধবাৰে আম আদমী পাৰ্টিৰ(Aam Aadmi Party) ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল লুধিয়ানাত ব্যৱসায়ীসকলৰ সৈতে আলোচনাত মিলিত হয় ৷
পঞ্জাৱৰ বাণিজ্য আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে অভিহিত লুধিয়ানাত কেজৰিৱালে পঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ সমসযাসমূহ বুজ লয় ৷ চাইকেল উদ্যোগ, কুটিৰ উদ্যোগ, খাদ্য আৰু পাচলি উদ্যোগ আদিৰ সৈতে জড়িত শ শ উদ্যোগীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপত অংশ লয় ৷
সকলো দলে নিৰ্বাচনৰ পূৰ্বে ব্যৱসায়ীসকলৰ ওচৰলৈ টকা উপাৰ্জন কৰাৰ উদ্দেশ্যে আহে বুলি মন্তব্য কৰি কেজৰিৱালে কয় যে, "নিৰ্বাচনৰ পূৰ্বে সকলো দলে ব্যৱসায়ীসকলৰ ওচৰলৈ ধন উপাৰ্জন কৰাৰ আহে ৷ মই আপোনালোকৰ পৰা ধন নিবিচাৰো ৷ আপোনালোক সকলোকে অংশীদাৰ হিচাপে বিচাৰিছো" ৷
প্ৰতিটো উদ্যোগৰ কিছুমান সমস্যা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে সকলোৰে নিজা দৃষ্টিশক্তি তথা সপোন আছে । সেয়ে পঞ্জাৱত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাচত এখন পেনেল গঠন কৰা হ'ব ৷ য'ত প্ৰতিটো উদ্যোগৰ এজন ব্যক্তিয়ে প্ৰতি 15 দিনৰ পিছত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আৰু প্ৰতিটো সিদ্ধান্ত তেওঁৰ আদেশৰ সৈতে কাৰ্যকৰী কৰিব লাগিব ৷