নিউজ ডেস্ক, ৩ জানুৱাৰী: দেশজুৰি আৰম্ভ হোৱা কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন অভিযানৰ সময়তে দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভাৰতত প্ৰস্তুত কৰা কৰ'ণাৰ প্ৰতিষেধক সন্দৰ্ভত মন্তব্য কৰে । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ মাজতে ডিচিজিআইয়ে কৰ'ণাৰ প্ৰতিষেধকৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিছে ।
প্ৰতিষেধকৰ আপাতকালীন ব্যৱহাৰৰ অনুমতি প্ৰদানৰ বাবে দেশত কৰ'ণাযোদ্ধা তথা দেশবাসীৰ বাবে ই এক ইতিবাচক দিশ হিচাপে পৰগণিত হ'ব । ইয়াৰোপৰি দেশবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে চিকিৎসক, বৈজ্ঞানিকসকলক কৃতজ্ঞতা জনাইছে কেজৰিৱালে ।
উল্লেখ্য যে, ডিচিজিআইয়ে দেওবাৰে নতুন দিল্লীত এক সংবাদমেলত পুণেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া চমুকৈ SIIৰ 'কোবিছীল্ড' আৰু ভাৰত বায়টেকৰ 'কোভাক্সিন'ৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰেৰণ কৰিছে ।