নেশ্যনেল ডেস্ক,২৬ মে':কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেশজুৰি অভিযান আৰম্ভ কৰিছে (Delhi CM on Centre ordinance)। বিৰোধী দলৰ সমৰ্থন বিচাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাজ্যলৈ গৈছে । ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছৰো সমৰ্থন বিচাৰিছে কেজৰিৱালে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে আলোচনাৰ বাবে সময় বিচাৰিছে (Kejriwal knocks on Congress doors seeks support)।
ইফালে দলীয় একাংশ নেতাৰ সৈতে অৰবিন্দ কেজৰিৱালে অধ্যাদেশৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ সমৰ্থন বিচাৰি যাত্ৰা অব্যাহত ৰাখিছে । আম আদমি পাৰ্টীয়ে অধ্যাদেশৰ বিৰুদ্ধে সংসদত বিৰোধী দলসমূহৰ শক্তিশালী ভূমিকা কামনা কৰিছে । যাৰ বাবে কেজৰিৱালে অধ্যাদেশৰ বিৰুদ্ধে আন আন দলৰ লগতে সংসদত কংগ্ৰেছৰো সমৰ্থন বিচাৰি নেতাসকলৰ সৈতে আলোচনাৰ বাবে সময় বিচাৰিছে ।
ইয়াৰ পূৰ্বে আম আদমি পাৰ্টীয়ে প্ৰথমে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সমৰ্থন বিচাৰিছিল । পৰৱৰ্তী সময়ত কেজৰিৱালৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, সাংসদ সঞ্জয় সিং, ৰাঘৱ চাড্ডাকে ধৰি কেইবাগৰাকী নেতাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিছিল (Delhi CM meets Mamata Banerjee)। ইয়াৰ পাছত, দুদিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণত উদ্ধৱ ঠাকৰে আৰু শৰদ পাৱাৰক সাক্ষাৎ কৰি তেওঁলোকৰ সমৰ্থন বিচাৰে ।