নেশ্যনেল ডেস্ক, 19 আগষ্ট:নিৰ্বাচনমুখী ছত্তীশগড়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিশ্ৰুতিৰ বন্যা ৷ শনিবাৰে ছত্তীশগড়ৰ ৰায়পুৰত এক জনসভাত অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে আপৰ মুৰব্বীগৰাকীয়ে ৷ তেওঁ কয় যে ছত্তীশগড়ত আম আদমী পাৰ্টী শাসনলৈ আহিলে ছত্তীশগড়ৰ প্ৰতিটো পৰিয়ালক ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব ৷
চাকৰি নোহোৱা পৰ্যন্ত নিবনুৱা যুৱকসকলক 3000 টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰা হ’ব আৰু 18 বছৰতকৈ ওপৰৰ যুৱতীসকলক মাহিলী 1 হাজাৰ টকালৈ প্ৰদান কৰা হ’ব ৷ দিল্লী আৰু পঞ্জাৱৰ দৰে চৰকাৰী আৰু ব্যক্তিগত চাকৰি, উন্নত শিক্ষাৰ লগতে ঔষধ পৰীক্ষা আৰু চিকিৎসাৰ দৰে 10 টা গেৰাণ্টি প্ৰদান কৰে কেজৰিৱালে ৷
কেজৰিৱালৰ 10 গেৰাণ্টি কি কি ?
1. বিদ্যুতৰ গেৰাণ্টি: 24 ঘণ্টা বিদ্যুৎ, 300 ইউনিট বিনামূলীয়া বিদ্যুৎ, ভুৱা বিদ্যুত বিল ৰেহাই আৰু নৱেম্বৰলৈকে বকেয়া বিদ্যুৎ বিল ৰেহাই ৷
2. শিক্ষাৰ গেৰাণ্টি: শিশুসকলক উন্নত শিক্ষা প্ৰদান কৰা হ’ব ৷
3. স্বাস্থ্যৰ গেৰাণ্টি: ধনী আৰু দৰিদ্ৰ সকলোৰে বাবে ঔষধ, পৰীক্ষা আৰু সকলো ধৰণৰ চিকিৎসা বিনামূলীয়া হ’ব ৷
4. নিযুক্তিৰ গেৰাণ্টি: উচ্চ শিক্ষাৰ পিছত নিযুক্তি নোপোৱা যুৱকসকলক মাহিলী 3000 টকাকৈ প্ৰদান কৰা হ’ব, যোগ্যতাৰ আধাৰত চাকৰি দিয়া হ'ব ৷