নেশ্যনেল ডেস্ক,১৫ আগষ্ট :সংসদৰ বৰ্ষাকালীন অধিৱেশনত গৃহীত হোৱা দিল্লী সেৱা বিধেয়ক ইতিমধ্যে আইনত পৰিণত হৈছে । এই আইন অনুসৰিয়ে এতিয়া দিল্লীৰ শাসন চলিব । কিন্তু এই বিৰুদ্ধে যুঁজত এতিয়াও পৰাজয় স্বীকাৰ কৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে এক বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কেজৰিৱালে কয় যে তেওঁ দিল্লীৰ লোকসকলক এই নতুন আইনৰ পৰা মুক্ত কৰিব ।
কেজৰিৱালে অভিযোগ কৰা মতে দিল্লীৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিবলৈ এই আইনখন অনা হৈছে । দিল্লীৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে । এখন গণতান্ত্ৰিক চৰকাৰৰো কাম কৰাৰ সামৰ্থ্য কাঢ়ি লোৱা হৈছে । কেজৰিৱালে উল্লেখ কৰা মতে বহুতো লোক তেওঁৰ ওচৰলৈ গৈ সুধিছে তেওঁ এতিয়া কেনেদৰে কাম কৰিব । স্বাধীনতা দিৱস উপলক্ষে তেওঁ দিল্লীৰ দুই কোটি লোকক আশ্বাস দিয়ে যে চৰকাৰৰ দুটা কাম অব্যাহত থাকিব । এফালে, আম আদমি চৰকাৰে শক্তি ঘূৰাই পাব । লগতে তেওঁলোকে আদালতলৈ যাব আৰু অধিকাৰবোৰ ঘূৰাই ল'ব ।
কেজৰিৱালৰ মতে তেওঁলোকে উচ্চতম ন্যায়ালয়ত এই যুঁজ দিব । কেজৰিৱালে অভিযোগ কৰা মতে দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা সেই লোকসকলে দিল্লী চৰকাৰৰ কামত বাধা দিবলৈ চেষ্টা কৰি আছে । কিন্তু দিল্লীত কৰা সকলো কাম অব্যাহত থাকিব । বিনামূলীয়া বিদ্যুৎ অব্যাহত থাকিব, সন্তানে ভাল শিক্ষা লাভ কৰি থাকিব । মানুহে সম্প্ৰীতিৰে থাকিব । মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ অব্যাহত থাকিব ।