নেশ্যনেল ডেস্ক, 25 এপ্ৰিল : দেশৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম এক অনুষ্ঠান উত্তৰাখণ্ডৰ চাৰধামত অৱস্থিত বিখ্যাত কেদাৰনাথ মন্দিৰ ৷ কেদাৰনাথ মন্দিৰলৈ অৰ্থাৎ চাৰধাম যাত্ৰা 2023 ৰ বাবে আজিৰে পৰা মুকলি হৈছে কেদাৰনাথ ধামৰ দুৱাৰ । আজি অৰ্থাৎ মঙলবাৰে পুৱা 6.20 বজাত বৈদিক নীতি-নিয়মেৰে ভক্তৰ বাবে মুকলি কৰা হয় কেদাৰনাথ ধামৰ দুৱাৰ । বেণ্ডৰ্পাটীৰ সুৰৰ লগতে হৰ হৰ মহাদেৱৰ ধ্বনিৰে মুখৰিত হৈ পৰিল কেদাৰনাথ ধামৰ চৌহদ । উক্ত সময়চোৱাত কেদাৰ ধামত উপস্থিত থাকে মুখ্যমন্ত্ৰী ধামী । কেদাৰনাথৰ দুৱাৰ মুকলি উপলক্ষে আজি বিশেষ পূজা অৰ্চনাও কৰা হয় (kedarnath temple opening date 2023) ।
ঠাণ্ডা বতৰৰ মাজতে আজি পুৱাৰে পৰাই আৰম্ভ হৈছিল কেদাৰনাথ ধামৰ দুৱাৰ খোলা প্ৰক্ৰিয়া । হৰ হৰ মহাদেৱৰ ধ্বনি উচ্চাৰণেৰে মুকলি কৰা হয় কেদাৰনাথৰ দুৱাৰ । মুখ্যমন্ত্ৰী ধামি, বদ্ৰী কেদাৰ মন্দিৰ সমিতিৰ বিষয়া-বিষয়ববীয়া আৰু প্ৰশাসনৰ উপস্থিতিত বাবা কেদাৰনাথৰ দুৱাৰ নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে মুকলি কৰা হয় (Chardham Yatra 2023)।
কেদাৰনাথ দ্বাৰ মুকলিৰ ঐতিহাসিক সময়ত কেদাৰনাথ ধামত বৃহৎ সংখ্যক ভক্ত উপস্থিত থাকে । কেদাৰনাথ দ্বাৰ মুকলি হোৱাৰ পিচত মন্দিৰত উপস্থিত ভক্তসকলক ভক্তিৰসত বিলীন হৈ পৰা দেখিবলৈ পোৱা গ’ল ৷ সকলোৱে বাবা কেদাৰনাথৰ পৰা আশীৰ্বাদ বিচাৰি শিৱৰ মন্ত্ৰোচ্চাৰণ কৰিছিল । দুৱাৰ খোলাৰ পূৰ্বে কেদাৰনাথ ধাম 23 কুইণ্টল ফুলেৰে সজাই পৰাই তোলা হয় (doors of Kedarnath Dham opened) ।