অসম

assam

ETV Bharat / bharat

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ হাওঁফাওঁত জলা-পোৰা কৰাৰ অভিযোগৰ পিচতেই বৃহস্পতিবাৰে হায়দৰাবাদৰ এখন ব্য়ক্তিগত চিকিৎসালয়ত ডাইগ্নষ্টিক পৰীক্ষা সম্পন্ন কৰা হয় ৷ মুখ্যমন্ত্ৰী গৰাকীৰ ব্যক্তিগত চিকিৎসক ডাঃ এম. ভি. ৰাও,ডাঃ নবনিথ সাগৰ আৰু হৃদৰোগ বিশেষজ্ঞ ডাঃ প্ৰমোদ কুমাৰৰ নেতৃত্বত তেওঁৰ এই পৰীক্ষা সম্পন্ন কৰা হয় ৷

KCR undergoes tests after burning sensation in lungs
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন

By

Published : Jan 7, 2021, 5:10 PM IST

নিউজ ডেস্ক, 7 জানুৱাৰী : বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ ছেকেন্দ্ৰাবাদৰ যশোদা চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হয় 66 বছৰীয়া মুখ্যমন্ত্ৰী ৰাওৰ ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা সদৰি কৰা অনুসৰি কেইবা দিনৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে হাওঁফাওঁত জলা-পুৰা কৰাৰ অনুভৱ কৰি আছিল ৷ ইয়াৰ ফলস্বৰূপে কে. চন্দ্ৰশেখৰ ৰাওক ডাইগ্নষ্টিক পৰীক্ষাৰ বাবে পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী গৰাকী ব্যক্তিগত চিকিৎসকে ৷

সেই অনুসৰিয়ে মুখ্যমন্ত্ৰী গৰাকীৰ ব্যক্তিগত চিকিৎসক ডাঃ এম. ভি. ৰাও, ডাঃ নবনিথ সাগৰ আৰু হৃদৰোগ বিশেষজ্ঞ ডাঃ প্ৰমোদ কুমাৰৰ নেতৃত্বত তেওঁৰ এই পৰীক্ষা সম্পন্ন কৰা হয় ৷

উল্লেখ্য যে,এমআৰআই, চিটি স্কেন লগতে অন্যান্য কেইবাটাও পৰীক্ষাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক পৰামৰ্শ দিয়া হৈছিল ৷

লগতে পঢ়ক : জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ

ABOUT THE AUTHOR

...view details