নিউজ ডেস্ক, ৯ ডিচেম্বৰ :তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক শনিবাৰে নতুন বিধানসভাত বিআৰএছ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠকত এই কথা ঘোষণা কৰা হয় । "বিধানসভা অধিবেশনৰ পূৰ্বে তেলেংগানা ভৱনত মিলিত হোৱা বিআৰএছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক বিআৰএছএলপিৰ নেতা হিচাপে নিৰ্বাচিত কৰে ।" বিআৰএছৰ অফিচিয়েল এক্স হেণ্ডেলত কয় ।
বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পোচাৰাম শ্ৰীনিবাস ৰেড্ডীয়ে কেচিআৰৰ নামৰ প্ৰস্তাৱ দিয়ে । এই প্ৰস্তাৱত প্ৰাক্তন মন্ত্ৰী টি শ্ৰীনিবাস যাদৱ আৰু কাদিয়াম শ্ৰীহৰিয়ে সমৰ্থন কৰে । বৈঠকখন বিআৰএছ সংসদীয় দলৰ নেতা কে কেশৱ ৰাওৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ।
উল্লেখ্য যে বিআৰএছে শেহতীয়া বিধানসভা নিৰ্বাচনত মুঠ ১১৯ খন আসনৰ ভিতৰত ৩৯ খন আসন লাভ কৰে । আনহাতে, কংগ্ৰেছে ৬৪ খন আসন লাভ কৰে । ইয়াৰ বিপৰীতে বিজেপি, এআইএমআইএম আৰু চিপিআয়ে ক্ৰমান্বয়ে আঠ, সাত আৰু এখন আসনত জয়লাভ কৰে । ইফালে কেচিআৰৰ পুত্ৰ বিআৰএছৰ কাৰ্যকৰী সভাপতি কে টি ৰামা ৰাৱে কয় যে তেওঁ শনিবাৰে বিআৰএছ বিধায়িনী দলৰ বৈঠক আৰু বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে । তেওঁৰ পিতৃৰ চিকিৎসাজনিত কাৰণত উপস্থিত থাকিব নোৱাৰে বুলি জনায় ।