নিউজ ডেস্ক, ২৭ নৱেম্বৰ :১৯ নৱেম্বৰত অনুষ্ঠিত আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ, ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হোৱাৰ পিছত সমগ্ৰ দেশ বিমৰ্ষ হৈ পৰে । কিন্তু ভাৰতৰ এই পৰাজয়ক লৈ কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত জম্মু-কাশ্মীৰৰ গান্দেৰবালৰ শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত অধ্যয়নৰত সাতগৰাকী কাশ্মীৰী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছে ।
ইটিভি ভাৰতে লাভ কৰা এফআইআৰ প্ৰতিবেদনৰ প্ৰতিলিপি অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) ধাৰা ১৩ আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৫০৫ আৰু ৫০৬-ৰ অধীনত ৰাজহুৱা দুৰ্ব্যৱহাৰ আৰু অপৰাধমূলক ভাবুকিৰ অভিযোগ উত্থাপন কৰা হৈছে ।
আনহাতে, এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, "পঞ্জাবৰ এজন শিক্ষাৰ্থীয়ে শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সুহামা চৌহদৰ সাতগৰাকী অন্তিম বৰ্ষৰ শিক্ষাৰ্থীৰ বিষয়ে অভিযোগ দাখিল কৰে । অভিযোগ অনুসৰি, ১৯ নৱেম্বৰত ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰাৰ পিছত তেওঁক ভয়ানক পৰিণামৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি দিয়া হৈছিল ।"