নেশ্যনেল ডেস্ক, 29 মাৰ্চ: ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে এগৰাকী কাশ্মীৰী পণ্ডিতক সন্দেহজনক সন্ত্ৰাসবাদীৰ গোটে গুলীয়াই হত্যা কৰা ঘটনাৰ তদন্ত অব্যাহত আছে ৷ শনিবাৰে ঘটনাৰ তদন্তৰ বাবে দক্ষিণ কাশ্মীৰৰ পুলৱামাৰ আচান গাঁৱত অভিযান চলাই জম্মু-কাশ্মীৰ ৰাজ্যিক অনুসন্ধান সংস্থাই (SIA) ৷
এই সন্দৰ্ভত জম্মু-কাশ্মীৰ ৰাজ্যিক অনুসন্ধান সংস্থাৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি, ‘‘26 ফেব্ৰুৱাৰীত পুলৱামাৰ আচানত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰা কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাৰ তদন্তৰ সন্দৰ্ভত আচানত অভিযান অব্যাহত আছে ৷ স্থানীয় আৰক্ষী আৰু চিআৰপিএফৰ সহায়ত অনুসন্ধানকাৰী সংস্থাটোৰ চোৰাংচোৱাই অভিযান চলাই আছে (Kashmiri Pandit killing case) ।’’
উল্লেখ্য যে, সন্দেহজনক সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা সঞ্জয় শৰ্মা নামৰ ব্যক্তিগৰাকী (40) এটিএম গাৰ্ড হিচাবে কৰ্মৰত আছিল ৷ শূন্য দূৰত্বৰ পৰা সঞ্জয় শৰ্মাৰ বুকুত তিনিটাকৈ গুলী নিক্ষেপ কৰি পলায়ন কৰিছিল দুৰ্বৃত্ত ৷ লগে লগেই সঞ্জয় শৰ্মাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে ৷ শনিবাৰে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত জম্মু-কাশ্মীৰ ৰাজ্যিক অনুসন্ধান সংস্থাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত সোধা-পোচা কৰে (SIA raid in Pulwama village) ৷