নেশ্যনেল ডেস্ক, 20 অক্টোবৰ:পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বেই সজাই পৰাই তোলা হৈছে উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ বজাৰসমূহ(festival of diwali) । মিঠাইৰ বিপনীসমূহতো এতিয়াৰে পৰা বিভিন্ন ধৰণৰ মিঠাই দেখিবলৈ পোৱা গৈছে । কিন্তু, এই দীপাৱলীত উত্তৰ প্ৰদেশৰ কাছগঞ্জত এবিধ মিঠাই বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে । এই বিশেষ মিঠাই বিধৰ নাম কাজু কলহ । এই কাজু কলহটোৰ দাম জানি আচৰিত হৈ পৰি আপুনি কাৰণ এই কাজু কলহটোৰ দাম প্ৰতি কেজিত ২০ হাজাৰ টকা(Cashew urn sweets in Kasganj) । ঠিকেই শুনিছে! এয়া কোনো সাধাৰণ কাজু কলহ নহয়(Kasganj kaju Kalash Sweets 20 thousand per kg) । জানো আহক কি বিশেষত্ব আছে এই কাজু কলহটোৰ-
উত্তৰ প্ৰদেশৰ কাছগঞ্জ সকলোধৰণৰ পৌৰাণিক ঐতিহ্যৰ বাবে বিখ্যাত । গোস্বামী তুলসীদাস জীৰ জন্মস্থান সোৰোণ তীৰ্থ নগৰ বুলিও জনা যায় এই কাছগঞ্জক । অমৰ শ্বহীদ মহাবীৰ সিং আৰু বিখ্যাত চুফী সাধু আমিৰ খুছৰো চাহেবৰ জন্মও ইয়াতেই হৈছিল । গুৰু দ্ৰোণাচাৰ্যই পাণ্ডৱসকলক ধনুৰ্বিদ্যাৰ শিক্ষাও এই ঠাইতে দিছিল । কিন্তু, এইবাৰ কাছগঞ্জত প্ৰতি কেজি ২০ হাজাৰ টকাত বিক্ৰী হোৱা মিঠাই কাজু কলহৰ বাবে পুনৰ চৰ্চালৈ আহিছে এই বিশেষ ঠাইখন ।