অসম

assam

By

Published : May 13, 2023, 5:39 PM IST

ETV Bharat / bharat

Karnataka elections result: বিজেপি বিৰোধী মৰ্চা গঠনত কংগ্ৰেছৰ বাবে সহায়ক হ’ব কৰ্ণাটক নিৰ্বাচনৰ ফলাফল

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে প্ৰভাৱ পেলাব আগন্তুক চাৰিটা বিধানসভা নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনত ৷ এই বিজয়ে বিজেপি বিৰোধী ঐক্য মঞ্চ গঠনতো কংগ্ৰেছক সহায় কৰিব ৷ ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বমশী চান্দ ৰেড্ডীয়ে (Karnataka elections result) ৷

Karnataka elections result
Karnataka elections result

নিউজ ডেস্ক, 13 মে’: কৰ্ণাটকত কংগ্ৰেছৰ ব্যাপক জয়ে চলিত বৰ্ষৰ আগন্তুক চাৰিটা বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব ৷ লগতে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে এক বিশ্বাসযোগ্য বিজেপি বিৰোধী মৰ্চা গঢ়ি তোলাৰ বাবে অতি পুৰণি ৰাজনৈতিক দলটোক শক্তি যোগাব (Karnataka elections result) ৷

‘‘কৰ্ণাটকৰ মানুহে ইংগিত দিছে যে, বতাহ কোনফালে বলিছে । কৰ্ণাটকৰ ফলাফলে কেৱল মধ্য প্ৰদেশ, ৰাজস্থান, চত্তীশগড় আৰু তেলেংগানাৰ আগন্তুক বিধানসভা নিৰ্বাচনতে যে প্ৰভাৱ পেলাব তেনে নহয় ৷ এই ফলাফলে বিজেপিৰ একমাত্ৰ ৰাষ্ট্ৰীয় বিকল্প হোৱাৰ আমাৰ দাবীকো শক্তিশালী ৰূপত প্ৰকট কৰিব ৷" সংগঠনটোৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বমশী চান্দ ৰেড্ডীয়ে ইটিভি ভাৰতক কয় (Congress victory in Karnataka)।

‘‘কংগ্ৰেছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে আন দলকো লগত লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপি বিৰোধী মৰ্চা গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে । কৰ্ণাটকৰ ফলাফলে তৃণমূল কংগ্ৰেছ আৰু আপকে ধৰি আঞ্চলিক দলসমূহলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব আৰু 2024 চনৰ বৃহত্তৰ ৰাজনৈতিক যুদ্ধৰ বাবে পুৰণি ৰাজনৈতিক দলটোৰ সৈতে মিলি যাবলৈ বাধ্য কৰিব ।’’ (Karnataka poll result 2023)

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ মতে, দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে শেহতীয়াকৈ সংসদৰ বাজেট অধিৱেশনৰ সময়ত 19 টা সমভাবাপন্ন দলৰ ভিতৰত কংগ্ৰেছ দলৰ নেতৃত্ব দি আদানী-হিণ্ডেনবাৰ্গ আৰু অন্যান্য বিষয়ক লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক প্ৰতিহত কৰিছিল ৷ কৰ্ণাটকৰ ফলাফলে পুৰণি দলটোক বৃহত্তৰ বিৰোধী ঐক্য গঢ়ি তোলাৰ প্ৰচেষ্টাত এক ডাঙৰ সহায় কৰিব (Congress 2024 opposition unity plan)।

লগতে পঢ়ক:Chief Minister race in Karnataka: কোন বহিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত ?

"চাওক, প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন বিজেপিয়ে 2014 চনৰ পৰা কংগ্ৰেছ মুক্ত ভাৰতৰ বাবে চেষ্টা কৰি আহিছিল । কিন্তু এতিয়া কৰ্ণাটকৰ ৰাইজে বিজেপি মুক্ত দক্ষিণ ভাৰত দিছে । অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাকে ধৰি দক্ষিণৰ পাঁচখন ৰাজ্যত 129 খন লোকসভা আসন আছে । গতিকে কৰ্ণাটকত শোচনীয়ভাৱে পৰাজিত হোৱা বিজেপিৰ বাবে এইটো এটা মোক্ষম আঘাত । আগন্তুক মাহবোৰত, বিজেপিয়ে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল আৰু সমগ্ৰ ভাৰতৰ দল বুলি কৰা দাবী উন্মোচিত হ'ব " ৰেড্ডীয়ে কয় (Karnataka win a boost to Congress) ।

‘‘তাৰ তুলনাত কংগ্ৰেছ বনাম বিজেপি ধৰণৰ প্ৰতিদ্বন্দ্বিতাই ৰাজহুৱা আলোচনাত স্থান লাভ কৰিব । 2020 চনত তেওঁলোকে আমাৰ পৰা কাঢ়ি নিয়া সাংসদক আমি ওভতাই আনি ছত্তীশগড় আৰু ৰাজস্থানৰ ৰাজপাট ধৰি ৰাখিম ৷ যাৰ দ্বাৰা কংগ্ৰেছৰ দেশজোৰা অস্তিত্ব জনমানসত প্ৰতিফলিত হ’ব ৷ 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত কৰাত ই ভূমিকা ল’ব ।’’

কংগ্ৰেছ নেতাগৰাকীয়ে স্বীকাৰ কৰে যে, দলিত নেতা হিচাবে খাৰ্গেয়ে দলৰ শীৰ্ষ পদবীত উপনীত হোৱা কাৰ্যই পুৰণি দলটোৰ গণতান্ত্ৰিকতা প্ৰদৰ্শন কৰাত সহায় কৰিছিল ৷ কৰ্ণাটকৰ প্ৰান্তীয় শ্ৰেণীৰ মাজত এই কাৰ্যই অনুৰণন ঘটাইছিল । ‘‘ই সমগ্ৰ দেশতে এটা বাৰ্তাও প্ৰেৰণ কৰিব । লগতে, তেওঁৰ ব্যক্তিত্বৰ বাবে সকলো বিৰোধী নেতাই খাৰ্গেৰ সৈতে জড়িত হোৱাটোত সহজ অনুভৱ কৰে ।’’ ৰেড্ডীয়ে কয় ৷

লগতে পঢ়ক:Karnataka results 2023 : নৱনিৰ্বাচিত বিধায়কক সুৰক্ষা দিবলৈ বিকল্প পৰিকল্পনা কংগ্ৰেছৰ

ৰেড্ডীয়ে আৰু উল্লেখ কৰে যে, কৰ্ণাটকত কংগ্ৰেছে দিয়া জনমুখী প্ৰতিশ্ৰুতিয়ে ভোটাৰসকলক পতিয়ন নিয়াইছিল ৷ 2024 চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ আন দলসমূহৰ সৈতে এক বিশদ উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুত কৰিব লাগিব । এআইচিচিৰ কাৰ্যকৰ্তাগৰাকীয়ে স্বীকাৰ কৰে যে, ৰাইজ পুনৰ কংগ্ৰেছৰ ফালে ধাৱমান হোৱাৰ সময়তে পুৰণি দলটোৱে নিজৰ ঘৰখন শৃংখলাবদ্ধ কৰি পুনৰ একগোট হ’ব লাগিব ।

ABOUT THE AUTHOR

...view details