নেশ্যনেল ডেস্ক,১০ মে':তীব্ৰ উত্তেজনাপূৰ্ণ প্ৰচাৰৰ অন্তত আজি কৰ্ণাটকত বিধানসভা নিৰ্বাচন (Karnataka Election 2023)। এফালে বিজেপিয়ে দাক্ষিণাত্যৰ দুৰ্গটো ৰক্ষা কৰি ইতিহাস ৰচনা কৰিব বিচাৰিছে আৰু আনফালে কংগ্ৰেছে পুনৰ প্ৰত্যাৱৰ্তনৰ সপোন দেখিছে ।
কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ২২৪ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু শনিবাৰে ভোটগণনা কৰা হ'ব । মুঠ ২,৬১৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে (Karnataka Election total candidates)। ৰাজ্যজুৰি ৫৮,৫৪৫ টা ভোটকেন্দ্ৰত প্ৰায় ৫,১০,৫৫,১৭২ ভোটাৰে ভোটদান কৰিব বুলি আশা কৰা হৈছে । ভোটাৰসকলৰ ভিতৰত ২,৫৮,০১,৪০৮ জন পুৰুষ, ২,৫২,৪৮,৯২৫ গৰাকী মহিলা আৰু ৪,৮৩৯ গৰাকী তৃতীয় লিংগৰ (Total voter in Karnataka)।
প্ৰাৰ্থীসকলৰ ভিতৰত ২,৪৩০ জন পুৰুষ, ১৮৪ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ । মুঠ ১১,৭১,৫৫৮ গৰাকী যুৱ ভোটাৰ, ৫,৭১,২৮২ গৰাকী বিকলাংগ ব্যক্তি (পিডব্লিউডি) আৰু ১২,১৫,৯২০ গৰাকীৰ বয়স ৮০ বছৰৰ অধিক । নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যজুৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে । চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও প্ৰায় ৮,৫০০ আৰক্ষী বিষয়া আৰু কৰ্মচাৰী লগতে গৃহৰক্ষী মোতায়েন কৰা হৈছে ।
ৰাজ্যখনত ১.৫ লাখতকৈও অধিক আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে । নিৰ্বাচনী কৰ্তব্যৰ বাবে ৩০৪ গৰাকী ডিৱাইএছপি, ৯৯১ গৰাকী পৰিদৰ্শক, ২,৬১০ গৰাকী পিএছআই, ৫,৮০৩ গৰাকী এএছআই, ৪৬,৪২১ গৰাকী এইচচি আৰু ২৭,৯৯০ গৰাকী পিচি হোম গাৰ্ডসহ মুঠ ৮৪,১১৯ জন কৰ্মচাৰী মোতায়েন কৰা হৈছে । ভোটদানৰ সময়ত মুঠ ৭৫,৬০৩ টা বেলট ইউনিট, ৭০,৩০০ নিয়ন্ত্ৰণ গোট আৰু ৭৬,২০২ ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল (VVPAT) ব্যৱহাৰ কৰাৰ কথা আছে ।