নিউজ ডেস্ক, ২৭ ডিচেম্বৰ :মাত্ৰ কেইমাহমান পূৰ্বে কৰ্ণাটকৰ মাংগালুৰুৰ এখন অ'টোত প্ৰেছাৰ কুকাৰ বিস্ফোৰণত (pressure cooker blast in auto in Mangaluru) দুজন লোক আহত হৈছিল । প্ৰায় একে ধৰণৰ ঘটনাত সোমবাৰে কৰ্ণাটকৰ হাছানৰ কে আৰ পুৰম নগৰত এজন দোকানৰ মালিকে তেওঁৰ দোকানৰ ভিতৰত মিক্সাৰ-গ্ৰাইণ্ডাৰ বিস্ফোৰণৰ ফলত নিজৰ সোঁহাতৰ পাঁচোটা আঙুলি হেৰুৱাবলগা হয় (shop owner lost five fingers in Mixer blast) । ইতিমধ্যে আৰক্ষীয়ে বিস্ফোৰণৰ সম্ভাৱ্য কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে ।
আৰক্ষী সূত্ৰ মতে, ঘটনাটো সোমবাৰে সন্ধিয়া ৭.৩০ বজাত সংঘটিত হয় । সেই সময়ত এজন গ্ৰাহকে দোকানখনলৈ এটা মিক্সাৰ-গ্ৰাইণ্ডাৰ ঘূৰাই দিবলৈ আহিছিল । তেওঁ কৈছিল যে পাৰ্চেলটো তেওঁৰ ঠিকনাত ভুলকৈ বিতৰণ কৰা হৈছিল । দোকানৰ আন কৰ্মচাৰীসকলক সোধা-পোছা কৰি আৰক্ষীয়ে জানিব পাৰিছে যে দুদিন পূৰ্বে ব্যক্তিগত কুৰিয়াৰ সেৱাৰ দোকানলৈ এটা পাৰ্চেল আহিছিল আৰু সেইটো তাত উল্লেখ কৰা ঠিকনাত প্ৰদান কৰা হৈছিল (Mixer blast at courier shop in Karnataka) ।
"সোমবাৰে সন্ধিয়া এজন ব্যক্তি দোকানখনলৈ আহে আৰু মালিকক সেইটো ঘূৰাই ল'বলৈ কয় । কিয়নো পাৰ্চেলটো সঠিক ঠিকনাৰ পৰা অহা নাছিল । যেতিয়া দোকানৰ মালিকে মিক্সাৰ-গ্ৰাইণ্ডাৰটো লৈ শ্বেল্ফত ৰাখিবলৈ চেষ্টা কৰি আছিল, ঠিক তেতিয়াই বিস্ফোৰণটো সংঘটিত হয় । বিস্ফোৰণৰ বাবে দোকানখনো ক্ষতিগ্ৰস্ত হয় ।" বিষয়াজনে কয় । শশী বুলি চিনাক্ত কৰা দোকানখনৰ গৰাকীক লগে লগে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।