নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ:যোৱা ১৭ ডিচেম্বৰত কৰ্ণাটকৰ দক্ষিণ কন্নড়ৰ উজীৰৰ পৰা অপহৰণ হোৱা আঠ বছৰীয়া শিশুক শুক্ৰবাৰে কৰ্ণাটক আৰক্ষীয়ে উদ্ধাৰ কৰে । অপহৰণ কাণ্ডৰে জৰিত চাৰিজনক কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
কৰ্ণাটক আৰক্ষীৰ সফলতা: আঠ বছৰীয়া শিশু উদ্ধাৰ - for-abduction
যোৱা ১৭ ডিচেম্বৰত অপহৃত হোৱা আঠ বছৰীয়া শিশুক উদ্ধাৰ কৰ্ণাটক আৰক্ষীৰ
karnataka-police-rescue-8-year-old
আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে আঠ বছৰীয়া শিশু অনুভৱৰ পিতৃ এগৰাকী ব্যৱসায়ী । অপহৰণকাৰী দলটোৱে শিশুটোক তেওঁলোকৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ পিতৃৰ পৰা ১৭ কোটি টকা দাবী কৰে। ঘটনা সন্দৰ্ভত শিশুটোৰ পিতৃয়ে কৰ্ণাটক আৰক্ষীক অৱগত কৰে । পিতৃৰ অভি়যোগমৰ্মে আৰক্ষীয়ে মোবাইল ফোনত অপহৰণকাৰীৰ সৈতে সংযোগ স্থাপন কৰি ধৃত লোক কেইজনৰ কৱলৰ পৰা কলাৰৰ মল্লুৰ ঠাইখনৰ পৰা শিশুটোক উদ্ধাৰ কৰে ।
লগতে পঢ়ক: তৃণমূল কংগ্ৰেছৰ বিধায়িকা বনশ্ৰী মৈটিৰ তৃণমূল কংগ্ৰেছ ত্যাগ