নেশ্যনেল ডেস্ক, ৫ জুলাই : কৰ্ণাটকৰ ভটকালত আৰক্ষীয়ে আটক কৰিলে এগৰাকী পাকিস্তানী মহিলাক । যোৱা ৯ জুনত খাতিজা মেহৰিণ নামৰ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে । মহিলাগৰাকীৰ ঘৰৰ পৰা আৰক্ষীয়ে তেওঁৰ পৰিচয়ৰ বিষয়ে তথ্য দাঙি ধৰি সকলো নথি-পত্ৰ জব্দ কৰিছিল । আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ, ৰেচন কাৰ্ড সকলো আছে মহিলাগৰাকীৰ লগত ।
কিন্তু আধাৰ কাৰ্ডত খাতিজাৰ ভটকালৰ ঠিকনা আছে আৰু ভোটাৰ পৰিচয় পত্ৰত আছে হায়দৰাবাদৰ ঠিকনা । আনহাতে, ৰেচন কাৰ্ডত বেংগালুৰুৰ ঠিকনা আছে । ৩২ বছৰীয়া খাতিজাই কেনেকৈ ভাৰতীয় নাগৰিকত্ব অবিহনে তিনিখনকৈ নথি ক্ৰয় কৰিছিল আৰু তিনিওখন নথিতে পৃথক পৃথক ঠিকনা কিয় আছে সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । চোৰাংচোৱা বিভাগে ভটকালত এগৰাকী পাকিস্তানী মহিলা আঠ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকাৰ খবৰ লাভ কৰিছিল ।
গোপন সূত্ৰৰ জৰিয়তে খবৰ পোৱাৰ পাছতে বিষয়াসকলে আদালতৰ পৰা অনুসন্ধান পৰোৱানা বিচাৰে । অনুসন্ধান পৰোৱানা লাভ কৰাৰ পিছত যোৱা মাহৰ আৰম্ভণিতে খাতিজা মেহৰিণৰ বাসগৃহত তালাচী চলায় । প্ৰমাণীকৰণৰ পিছত পোহৰলৈ আহে যে, তেওঁ ২০১৪ চনত ডুবাইত থকা ভটকালৰ জাভেদ মোহিদ্দিন ৰুক্ষুদ্দিনে খাতিজাক বিয়া কৰাইছিল ।