অসম

assam

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:42 PM IST

ETV Bharat / bharat

Pigeons killed : পুৰণি শত্ৰুতাৰ বাবে ২৩ টাকৈ পাৰ চৰাই নিধন কৰিলে দুৰ্বৃত্তই

কৰ্ণাটকৰ হুবল্লীত পাৰ চৰাই নিধন । দুৰ্বৃত্তই পাৰকেইটা হত্যা কৰাৰ লগতে বাহবোৰ ধ্বংস কৰি থৈ যায় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ।

Pigeons killed
পুৰণি শত্ৰুতাৰ বাবে ২৩ টাকৈ পাৰ চৰাই নিধন

নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : কৰ্ণাটকৰ হুবল্লী চহৰত চাঞ্চল্যকৰ ঘটনা । দুৰ্বৃত্তৰ হাতত নিধন ২৩ টা পাৰ চৰাই । পুৰণি শত্ৰুতাৰ বাবে দুৰ্বৃত্তই পাৰ চৰাইকেইটা হত্যা কৰে বুলি জানিব পৰা গৈছে । ঘটনাটো শনিবাৰে য়াৱাগল অঞ্চলত সংঘটিত হয় । আৰক্ষীয়ে জনোৱা মতে দুৰ্বৃত্তই পাৰকেইটাৰ ডিঙি কাটি পেলাই থৈ যায় । পাৰকেইটা ৰাহুল দাণ্ডেলী নামৰ এজন লোকৰ আছিল বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে কোৱা মতে ৰাহুল দাণ্ডেলীয়ে যোৱা ৬ মাহ ধৰি পাৰকেইটা প্ৰতিপালন কৰি আহিছিল । দুৰ্বৃত্তই তেওঁৰ চৌহদত প্ৰৱেশ কৰে আৰু পাৰকেইটা হত্যা কৰি পলায়ন কৰে । ইফালে দুৰ্বৃত্তই পাৰৰ বাহবোৰো ধ্বংস কৰে বুলি অভিযোগ কৰা হৈছে । ইতিমধ্যে ৰাহুল দাণ্ডেলীয়ে হুবল্লী উপনগৰ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ।

এক প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজো সংগ্ৰহ কৰিছে লগতে জনসাধাৰণৰ গতিবিধিৰ বিষয়েও তথ্য সংগ্ৰহ কৰিছে । অভিযোগটো পোৱাৰ পাছতে স্থানীয় আৰক্ষী বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে । জানিব পৰা মতে ৰাহুল দাণ্ডেলীয়ে শেহতীয়াকৈ পাৰ পালনত জড়িত হৈ পৰিছিল । প্ৰতিদ্বন্দীসকলে তেওঁৰ চৌহদত প্ৰৱেশ কৰি পাৰবোৰ নিধনত জড়িত হোৱাৰ সন্দেহ কৰা হৈছে । অৱশ্যে আৰক্ষীয়ে অধিক প্ৰমাণ বিচাৰি আছে ।

উল্লেখ্য পাৰ চৰাইক শান্তি প্ৰতীক হিচাপে জনা যায় । তেনে পৰিস্থিতিত এনেদৰে ২৩ টাকৈ পাৰ চৰাই নিধন হোৱাক লৈ সমগ্ৰ কৰ্ণাটকত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । অপৰাধীসকলক শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদানৰো দাবী উত্থাপন হৈছে ।

লগতে পঢ়ক :Looting money : যুৱ ব্যৱসায়ীক দূৰ্বৃত্তৰ লুটপাট, পেলাই থৈ গ’ল পথৰ সমীপত

ABOUT THE AUTHOR

...view details