নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ ৷ শিক্ষাগুৰুসকল জীৱনৰ আদিপাঠৰ প্ৰথমজন গুৰু বুলি জনা যায় ৷ কিন্তু এই গুৰুৰেই যেতিয়া মতিভ্ৰম ঘটে তেতিয়া ছাত্ৰক চম্ভালিব কোনে ? দিন দুপৰতে ক্লাছ কৰি থাকোঁতেই ঢলং পলং বাইদেউ ৷ বৃহস্পতিবাৰে এগৰাকী মহিলা শিক্ষকে শিশুসকলক পাঠদান কৰি থকাৰ সময়ত বিদ্যালয়ত সুৰাপান কৰাৰ ঘটনা পোহৰলৈ আহিছিল (liquor bottles at school)৷
কৰ্ণাটকৰ টুমকুৰ জিলাৰ চিক্কাচাৰংগী প্ৰাথমিক বিদ্যালয়ত এটা ঘটনা সংঘটিত হয় ৷ এগৰাকী মহিলা শিক্ষকে পুৱা পাঠদান কৰি থকাৰ সমযতে সুৰাপান কৰি অহাত বিদ্যালয়খনত হুৱা-দুৱা লাগে ৷ ইফালে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে সুৰাপান কৰি ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰা আৰু সহকৰ্মীৰ লগত কাজিয়া কৰাৰ অভিযোগো উত্থাপন হৈছিল ৷ এই সন্দৰ্ভত শিক্ষয়িত্ৰীগৰাকীক বহু সময়ত সহকৰ্মীসকলে সতৰ্ক কৰি দিছিল যদিও তেওঁৰ ব্যৱহাৰ সলনি হোৱা নাছিল ৷
যোৱা 25 বছৰ ধৰি বিদ্যালয়খনত শিক্ষকতা কৰি অহা শিক্ষয়িত্ৰীগৰাকীয়ে ঘৰুৱা কন্দলৰ বাবে 5 বছৰৰ পৰা সুৰাপান কৰা আৰম্ভ কৰিছিল ৷ বহুসময়ত গাঁওবাসী আৰু অভিভাৱকসকলে এই বিষয়ে জ্যেষ্ঠ বিষয়াসকলৰ ওচৰত অভিযোগ কৰিছিল কিন্তু কোনো লাভ হোৱা নাছিল ৷