নিউজ ডেস্ক, 11 জানুৱাৰী: শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ পাচত কৰ্ণাটকৰ বহু মুছলমান ছোৱালী নিজৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে ৷ নাগৰিক সমাজৰ এক প্ৰতিবেদনত কোৱা হৈছে এই কথা (Hijab ban deprived Muslim women) ৷ প্ৰতিবেদনখন প্ৰকাশ কৰিছে পিপলচ্ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিছ, কৰ্ণাটক নামৰ সংস্থাটোৱে ৷ য’ত মুছলিম ছাত্ৰীসকলৰ ক্ষতিপূৰণ ৰাজ্য চৰকাৰে ভৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ৷
প্ৰতিবেদনটোৰ মতে, শিক্ষাৰ দুৱাৰ বন্ধ কৰি কৰ্ণাটকৰ মুছলমান ছাত্ৰীৰ অধিকাৰ উলংঘন কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা বজাই ৰাখি উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত কোনো শিক্ষানুষ্ঠানক তাৎক্ষণিকভাৱে হিজাব নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়া হোৱা নাছিল ৷ অৱশ্যে, শিক্ষানুষ্ঠানসমূহ হঠাতে অৱৰোধ কৰা হৈছিল (Report about Karnataka Hijab ban) ৷
প্ৰতিবেদনত কোৱা হৈছে যে বিদ্যালয়, পি ইউ মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়সমূহে ছাত্ৰীসকলৰ অধিকাৰক সন্মান নকৰাকৈ হিজাবৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে (Karnataka hijab ban) । "মহাবিদ্যালয় শিক্ষা বিভাগ আৰু শিক্ষা বিভাগে স্পষ্ট কৰিব লাগে যে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে সকলো বিদ্যালয়তে হিজাব পিন্ধা নিষিদ্ধ কৰা নাই । শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা উচিত" ।
প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে, শিক্ষা বিভাগে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এনে বৈষম্য সন্দৰ্ভত কোনো আইনী ব্যৱস্থা লোৱা নাছিল । পি ইউ চি এলে ৰাজ্যখনৰ পাঁচখন জিলা যেনে হাছান, দক্ষিণ কানাড়া, উদুপী, শিমোগা আৰু ৰাইচুড়ত হিজাপ সন্দৰ্ভত অধ্যয়ন চলোৱাৰ পিচত এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল । গৱেষণা দলটোৱে কয় যে, তেওঁলোকে পি ইউ মহাবিদ্যালয়, স্নাতক মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হিজাব নিষেধাজ্ঞাৰ বিষয়ে তেওঁলোকৰ মতামত জানিবলৈ বাৰ্তালাপ কৰিছিল ।
মুছলমান ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়াৰ ভিত্তিত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, মুছলমান ছাত্ৰীৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে (constitutional right to education) । প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে, জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু আৰক্ষীয়ে নিজৰ সাংবিধানিক বাধ্যবাধকতা উলংঘা কৰিছে । প্ৰতিবেদন অনুসৰি, মুছলমান ছাত্ৰীৰ সহপাঠী আৰু বন্ধু-বান্ধৱীয়ে হিজাবৰ বিৰোধিতা প্ৰকাশ কৰি ভুক্তভোগী ছাত্ৰ-ছাত্ৰীক স্তম্ভিত কৰি তুলিছে ।