অসম

assam

By

Published : Jun 16, 2023, 5:26 PM IST

ETV Bharat / bharat

Sand Mafia Tractor Crushes Head Constable : কৰ্ণাটকত বালি মাফিয়াৰ ট্ৰেক্টৰে হত্যা কৰিলে কৰ্তব্যৰত আৰক্ষীক

কৰ্ণাটকৰ কালাবুৰাগীৰ হুল্লুৰ তালাচী চকীত বালি কঢ়িওৱা ট্ৰেক্টৰ ৰখাবলৈ চেষ্টা কৰা এজন হেড কনিষ্টবলক মহটিয়াই নি কৰি হত্যা কৰা হয় । অৱশ্যে এইটো এটা দুৰ্ঘটনা নে অবৈধ পৰিবহণৰ লগত জড়িত বালি মাফিয়াৰ হত্যাকাণ্ড সেয়া জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে ।

Sand Mafia Tractor Crushes Head Constable
Sand Mafia Tractor Crushes Head Constable

নিউজ ডেস্ক, ১৬ জুন :বালিৰ অবৈধ পৰিবহণ বন্ধ কৰিবলৈ যোৱা এজন আৰক্ষী হেড কনিষ্টবলক মহটিয়াই নিয়ে বালি মাফিয়াৰ । ফলত ঘটনাস্থলীতে নিহত হয় কৰ্তব্যৰত আৰক্ষীজনৰ । ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ নেলোগী আৰক্ষী থানাৰ অধীনস্থ জেৱাৰ্গী তালুকত । নিহত আৰক্ষী জোৱানজনক নেলোগী আৰক্ষী থানাৰ হেড কনিষ্টবলজন ময়ূৰ চৌহান (৫১) বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য, অঞ্চলটোৰ ভীমা নদীৰ পৰা অবৈধ বালি পৰিবহণত বাধা প্ৰদান কৰিবলৈ হুল্লুৰৰ ওচৰত এটা তালাচী চকী স্থাপন কৰা হৈছিল । ময়ূৰ চৌহানে উক্ত তালাচী চকীটোতে তেওঁৰ কৰ্তব্য পালন কৰি আছিল । কিন্তু বালিৰ বাহন পৰীক্ষা কৰি থকাৰ সময়তে এখন তীব্ৰবেগী ট্ৰেক্টৰ তেওঁৰ ফালে আগুৱাই আহে আৰু তেওঁক মহটিয়াই নিয়ে । ঘটনাটো নিশাৰ ভাগত সংঘটিত হয় । দুৰ্ঘটনাটোৰ পিছত জিলা পৰিবহণ বিষয়াসকলে বিষয়টো সন্দৰ্ভত গুৰুত্বসহকাৰে দৃষ্টি ৰাখিছে । কিয়নো এই ঘটনাটোৱে পুনৰ এবাৰ নদীৰ পৰা বালিৰ অবৈধ খনন আৰু নিয়ন্ত্ৰণহীন পৰিবহণৰ বিষয়টো উন্মোচিত কৰিছে ।

আনহাতে, ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে জিলাখনৰ আৰক্ষী অধীক্ষক ঈশা পণ্টে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু এটা তদন্ত চলায় । তেওঁ লগতে কয় যে ঘটনাটো ইচ্ছাকৃত নে দুৰ্ঘটনাজনিত সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব । অৱশ্যে অভিযুক্ত ট্ৰেক্টৰচালকজনক আটক কৰা হৈছে আৰু এটা গোচৰ ৰুজু কৰা হৈছে ।

ইফালে জিলাখনৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই নিহত আৰক্ষী জোৱানজনৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি ৰাজ্য চৰকাৰৰ তৰফ পৰা ক্ষতিপূৰণৰ আশ্বাস দিয়ে । কৰ্ণাটক চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰাজ মন্ত্ৰী তথা কালাবুৰাগী জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই কয়, "অবৈধ বালি পৰিবহণ কৰোঁতে ট্ৰেক্টৰে খুন্দিওৱাৰ ফলত হুল্লুৰ তালাচী চকীৰ ওচৰত এজন কৰ্তব্যৰত আৰক্ষী কনিষ্টবলৰ মৃত্যু হোৱাটো অতি বেদনাদায়ক কথা । আমি নিহতৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস প্ৰদান কৰিলোঁ ।"

লগতে পঢ়ক :Balasore Trian accident : চিকিৎসাধীন আৰু এজনৰ মৃত্যু, মৃতকৰ সংখ্যা ২৯০ লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details