অসম

assam

ETV Bharat / bharat

বেংগালুৰু প্ৰযুক্তি সন্মিলন ২০২৩; ষ্টাৰ্টআপৰ ৩৫ অভিনৱ সামগ্ৰী আৰু সমাধান মুকলি - Science and Technology

৩৫ টা ষ্টাৰ্টআপৰ ভিতৰত নটাত মহিলাসকলে নেতৃত্ব দিছে । ই কৰ্ণাটকৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ সামগ্ৰিক আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰকৃতিৰ কথা প্ৰকাশ কৰা বুলি ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰ'নিকছ, তথ্য-প্ৰযুক্তি, জৈৱ-প্ৰযুক্তি আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।

26th Bengaluru Tech Summit 2023
বেংগালুৰু প্ৰযুক্তি সন্মিলন ২০২৩

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:34 AM IST

নিউজ ডেস্ক, ১ ডিচেম্বৰ :বেংগালুৰুত অনুষ্ঠিত হৈছে ২৬ সংখ্যক প্ৰযুক্তি সন্মিলন । এই প্ৰযুক্তি সন্মিলনত কৰ্ণাটক চৰকাৰে ষ্টাৰ্টআপৰ দ্বাৰা বিকশিত কৰা ৩৫ টা অভিনৱ সামগ্ৰী আৰু সমাধান মুকলি কৰে । সন্মিলনৰ দ্বিতীয় আৰু তৃতীয়দিনা ষ্টাৰ্টআপ উদ্ভাৱন ক্ষেত্ৰত অনুষ্ঠিত ষ্টাৰ্টআপ প্ৰডাক্ট লঞ্চৰ এইটো হৈছে দ্বিতীয় সংস্কৰণ । এই পদক্ষেপৰ দ্বাৰা বিভিন্ন উদ্যোগত ৰাজ্য চৰকাৰৰ উদ্ভাৱনী কাৰ্যৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ দিশটো প্ৰতিফলিত কৰিছে ।

এই ৩৫ টা ষ্টাৰ্টআপৰ ভিতৰত নটাত মহিলাসকলে নেতৃত্ব দিছে । ই কৰ্ণাটকৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ সামগ্ৰিক আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰকৃতিৰ কথা প্ৰকাশ কৰা বুলি ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰ'নিকছ, তথ্য-প্ৰযুক্তি, জৈৱ-প্ৰযুক্তি আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে ইয়াৰে কেইবাটাও ষ্টাৰ্টআপে ৰাজ্য চৰকাৰৰ বিশেষ পুঁজিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিছে । এই কাৰ্যসূচীৰ দ্বাৰা উদ্যোগী প্ৰতিভাসমূহক আগবঢ়াই নিয়া আৰু এক উদ্ভাৱনমূলক সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰকাশ পোৱা বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে ।

আনহাতে, ইয়াৰে বেছিভাগ ষ্টাৰ্টআপে কৰ্ণাটক চৰকাৰৰ সমৰ্থিত ইনকিউবেটৰৰ অধীনত বিকাশ লাভ কৰিছে । ইয়াৰ ভিতৰত আছে কে-টেক ইনোভেচন হাব (K-tech Innovation Hubs), উৎকৰ্ষ কেন্দ্ৰ (Centres of Excellence, CoEs) আৰু প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ (Technology Business Incubators, TBIs) । এইবোৰ চি-কেম্প (C-CAMP), নাছকম (NASSCOM), জৈন ইনকিউবেচন চেণ্টাৰ, দেশপাণ্ডে ষ্টাৰ্টআপ আৰু চিঅ'ই-চাইবাৰ ছিকিউৰিটীৰ দৰে প্ৰতিষ্ঠানে সঞ্চালনা কৰিছে ।

মুকলি কৰা সামগ্ৰী আৰু সমাধানবোৰ তথ্য-প্ৰযুক্তি, কৃষি-প্ৰযুক্তি, চিকিৎসা-প্ৰযুক্তি, স্বাস্থ্যসেৱা, পৰিষ্কাৰ-প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ডীপ-টেক, ব্লকচেইন, চাইবাৰ সুৰক্ষা আৰু পৰিৱেশ প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডৰ ।

কিছুমান অভিনৱ সমাধানৰ ভিতৰত আছে কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু ইণ্টাৰনেট অফ থিংছ (আইঅ'টি) একত্ৰিত কৰা ইলেক্ট্ৰ'নিক সঁজুলি, স্বয়ংচালিত উৎপাদনৰ অগ্ৰগতি, জোতা আৰু আনুষঙ্গিক সামগ্ৰীৰ উদ্ভাৱন, এভিঅ'নিক্স আৰু প্ৰতিৰক্ষা প্ৰযুক্তি আৰু বৰ্জিত বায়ু পৰিশোধন সমাধান ।

বাকীবোৰৰ ভিতৰত আছে ফেব্ৰিক প্ৰমাণীকৰণ সঁজুলি, এনিমেচন আৰু কমিকছ, গুণগত মান মূল্যায়নৰ বাবে ডীপ-টেক ভিত্তিক প্লেটফৰ্ম আৰু প্ৰৱঞ্চনামূলক লেনদেন প্ৰতিৰোধ কৰিবলৈ এপ ।

লগতে পঢ়ক :সফল উদ্ধাৰৰ পাচত সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সৰ প্ৰথম প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details