নেশ্যনেল ডেস্ক, 8 জুলাই: তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কৰ্ণাটক চৰকাৰৰ এক সিদ্ধান্তই । এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ অধীনৰ সকলো শ্ৰেণী, সকলো বিভাগ তথা পদৰ নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ১ শতাংশ আসন সংৰক্ষণ কৰা হ'ব । মঙলবাৰে এই কথা ঘোষণা কৰে কৰ্ণাটক চৰকাৰে । কৰ্ণাটক অসামৰিক সেৱাৰ সাধাৰণ নিযুক্তিৰ ৯ নং নীতি সংশোধন কৰাৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ।
তৃতীয় লিংগৰ ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে খালী পদসমূহ পূৰণ কৰা হ'ব বুলিও চৰকাৰে ঘোষণা কৰিছে । সাধাৰণ যোগ্যতা, অনুসূচীত জাতি (Scheduled Caste), অনুসূচীত জনজাতি (Scheduled Tribe), আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (Other Backward Classes) এই সকলো শ্ৰেণীৰ অধীনত পদৰ ক্ষেত্ৰতে এই সংৰক্ষণ ব্যৱস্থা উপলব্ধ হ'ব । ৯ নং নীতিৰ সংশোধনী অনুসৰি, প্ৰতিটো নিযুক্তি কৰ্তৃপক্ষই পুৰুষ, মহিলা আৰু 'অন্যান্য' হিচাপে গ্ৰুপ বি, চি আৰু ডি সঞ্চালকৰ নিযুক্তিৰ বাবে এটা পৃথক স্তম্ভ প্ৰস্তুত কৰা উচিত ।