অসম

assam

ETV Bharat / bharat

Karnataka: কংগ্ৰেছ শাসিত কৰ্ণাটকত গৃহ লক্ষ্মী আঁচনি মুকলি; 1 কোটি মহিলালৈ মাহিলি 2 হেজাৰ টকাৰ সাহায্য

কংগ্ৰেছ নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত 'গৃহ লক্ষ্মী' আঁচনি আৰম্ভ কৰে ৷ এয়া আছিল কংগ্ৰেছৰ প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি । এই আঁচনিৰ অধীনত, চৰকাৰে এপিএল, বিপিএল কাৰ্ড থকা 1.1 কোটি মহিলাক 2,000 টকাৰ মাহিলী সাহায্য আগবঢ়াব ।

Karnataka
Karnataka

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:26 PM IST

নেশ্যনেল ডেস্ক, 30 আগষ্ট: কংগ্ৰেছ নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে বুধবাৰে মাইচুৰত 'গৃহ লক্ষ্মী' আঁচনি প্ৰৱৰ্তন কৰি নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই আঁচনিৰ লক্ষ্য হৈছে 1.1 কোটি মহিলাক মাহিলী 2,000 টকাৰ অনুদান প্ৰদান কৰা । আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উপস্থিতিত থাকে ৷

অনুষ্ঠানটোত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু আন কেইবাজনো মন্ত্ৰী আৰু দলৰ নেতাই অংশগ্ৰহণ কৰে ৷

‘গৃহ লক্ষ্মী’ আঁচনি হৈছে কংগ্ৰেছ দলে আগবঢ়োৱা পাঁচটা মুখ্য প্ৰাক-নিৰ্বাচনী ‘গেৰাণ্টি’ৰ এটা । এই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাম্ভাব্য প্ৰত্যাহ্বানৰ বিষয়ে উদ্বেগ ব্যক্ত কৰি মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই কয় যে ৰাজ্যখনৰ নাগৰিকসকলৰ বাবে উন্নয়নমূলক আঁচনি ৰূপায়ণৰ সময়ত ৰাজনৈতিক সংকল্পই যিকোনো বাধা অতিক্ৰম কৰিব পাৰে ।

এই 'গেৰাণ্টি'ৰ বিত্তীয় সম্ভাৱনীয়তা সন্দৰ্ভত বিৰোধীৰ সন্দেহৰ প্ৰতি প্ৰত্যুত্তৰ দি সিদ্ধাৰামাইয়াই পূৰ্বৰ পদক্ষেপসমূহৰ সফল কাৰ্যকৰীকৰণৰ কথা উল্লেখ কৰে ৷ সিদ্ধাৰামাইয়াই কয়, ‘‘পৰিয়ালৰ মুৰব্বী মুঠ 1.1 কোটি মহিলাই মাহিলী 2,000 টকা লাভ কৰিব ।’’ চলিত বিত্তীয় বৰ্ষৰ বাবে, ৰাজ্যখনে ‘গৃহ লক্ষ্মী’ আঁচনিৰ বাবে 17,500 কোটি টকা আৱণ্টন দিয়া হৈছে ৷

আঁচনিখনৰ বিশাল শুভাৰম্ভ অনুষ্ঠান বেংগালুৰুৰ মহাৰাজা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় । মঞ্চৰ পিছফালে 140 ফুটৰ এক বিশাল LED স্ক্ৰীণ স্থাপন কৰা হয় ৷

চৰকাৰৰ পূৰ্বৰ সাফল্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে পাঁচটা 'গেৰাণ্টিৰ'-শক্তি, গৃহ জ্যোতি আৰু অন্ন ভাগ্য আঁচনি তিনিটা ইতিমধ্যে সফলতাৰে ৰূপায়ণ কৰা হৈছে। ‘গৃহ লক্ষ্মী’য়ে চতুৰ্থটো মাইলৰ খুঁটি চিহ্নিত কৰিছে ৷ ‘যুৱ নিধি’ আঁচনিয়ে ৰাজ্যখনৰ যুৱসকলৰ বাবে নিবনুৱা ভাট্টাৰ প্ৰতিশ্ৰুতি দি পঞ্চম পদক্ষেপ হ’বলৈ সাজু হৈছে ৷

লগতে পঢ়ক:Opposition Unity: নিৰ্বাচন একেবাৰে কাষত, বৃদ্ধি কৰিব লাগিব তৎপৰতা; লালু প্ৰসাদ যাদৱ

ABOUT THE AUTHOR

...view details