নেশ্যনেল ডেস্ক,২২ আগষ্ট :তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কাবেৰী জল বিবাদ অব্যাহত আছে । বছৰ বছৰ ধৰি দুয়োখন ৰাজ্যৰ এই বিষয়ক লৈ সংঘাত অব্যাহত আছে । ইয়াৰ মাজতে কৰ্ণাটকত চৰকাৰৰ বিৰুদ্ধে কৃষকসকলে তীব্ৰ প্ৰতিবাদো অব্যাহত ৰাখিছে । তীব্ৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে মাণ্ড্যত আৰক্ষীৰ সৈতে প্ৰতিবাদী কৃষকৰ হতাহতি হোৱা দেখা যায় ।
কাবেৰী নৈৰ জল বিবাদক লৈ শ শ কৃষকে হাতে হাতে বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক সংগঠনবোৰে বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছ ঘাইপথ অৱৰোধ কৰি তামিলনাডুলৈ কাবেৰী নদীৰ পানী এৰি দিয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তাৰ মাজতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা একাংশ উত্তেজিত কৃষকক আৰক্ষীয়ে আটকো কৰে ।
উল্লেখ্য যে বৃহৎ সংখ্যক কৃষকে ইন্দুভালু গাঁৱৰ পৰা ৰাজপথেৰে প্ৰতিবাদ সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথলৈ যাত্ৰা কৰে আৰু গৰুগাড়ী আৰু ট্ৰেক্টৰৰ সৈতে এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায় । এনে পৰিস্থিতিত প্ৰশাসনৰ লোকসকল সষ্টম হৈ পৰে আৰু ঘাইপথ অৱৰোধ কৰা প্ৰতিহত কৰিবলৈ যথেষ্ট সংখ্যক আৰক্ষীক মোতায়েন কৰা হয় । ঘাইপথত আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰে । ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় । আৰক্ষীয়ে ৰাজপথত বেৰিকেড আৰু বেষ্টনী গঢ়ি তোলে যদিও দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । অৱশ্যে হতাহতৰ খবৰ পোৱা হোৱা নাই ।