অসম

assam

By

Published : May 14, 2023, 5:38 PM IST

ETV Bharat / bharat

Next CBI director : কৰ্ণাটকৰ ডিজিপিক চিবিআইৰ পৰৱৰ্তী সঞ্চালক হিচাবে নিযুক্তি

কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ চুডক চিবিআইৰ পৰৱৰ্তী সঞ্চালক হিচাবে নিযুক্তি (Praveen Sood appointed next CBI director)। চিবিআইৰ সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালে ২৫ মে'ত কাৰ্যকাল সম্পূৰ্ণ কৰিব । কৰ্ণাটক, দিল্লী আৰু অন্যান্য ৰাজ্যৰ জ্যেষ্ঠ আইপিএছ বিষয়াসকলৰ নাম চৰ্চাত আছিল ।

Next CBI director
কৰ্ণাটকৰ ডিজিপিক চিবিআইৰ পৰৱৰ্তী সঞ্চালক হিচাপে নিযুক্তি

নেশ্যনেল ডেস্ক,১৪ মে':কৰ্ণাটকৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰবীণ চুডক কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' চমুকৈ চিবিআইৰ পৰৱৰ্তী সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে (Praveen Sood appointed next CBI director)। দেওবাৰে এক চৰকাৰী নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰা হৈছে । প্ৰবীণ চুড কৰ্ণাটক কেডাৰৰ এগৰাকী ১৯৮৬-বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া ।

বৰ্তমানৰ চিবিআইৰ সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালে ২৫ মে'ত কাৰ্যকাল সম্পূৰ্ণ কৰিব (Subodh Kumar Jaiswal completes his tenure)। দায়িত্ব লোৱাৰ তাৰিখৰ পৰা চুডক দুবছৰৰ বাবে চিবিআই সঞ্চালকৰ পদত নিযুক্তি দিয়া হৈছে ।

নিৰ্দেশনাযোগে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে কয় যে বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদনৰ পাচতে দুবছৰৰ কাৰ্যকালৰ সৈতে আইপিএছ প্ৰবীণ চুডক কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৰ সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে (Karnataka Director General of Police Praveen Sood)। সুবোধ কুমাৰ জয়ছোৱালৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাচতে তেওঁ দায়িত্ব গ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে এই সন্দৰ্ভত কৈছিল যে সমিতিখনে বৈঠকত কেবিনেটৰ নিযুক্তি সমিতিলৈ তিনিটা নাম প্ৰেৰণ কৰিছিল (Adhir Ranjan Chowdhury)। তাৰ ভিতৰত এজনক সঞ্চালক হিচাবে নিযুক্তি দিয়া হ'ব ।

সূত্ৰৰ মতে বৈঠকত কৰ্ণাটক, দিল্লী আৰু অন্যান্য ৰাজ্যৰ জ্যেষ্ঠ আইপিএছ বিষয়াসকলৰ নাম আলোচনা কৰা হৈছিল । চিবিআইৰ সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালৰ দুবছৰীয়া নিৰ্ধাৰিত কাৰ্যকাল ২৫ মে'ত সমাপ্ত হ'ব ।

মুম্বাই আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত সুবোধ কুমাৰ জয়ছোৱাল মহাৰাষ্ট্ৰ কেডাৰৰ এগৰাকী ১৯৮৫-বেচৰ আইপিএছ বিষয়া আছিল (IPS Subodh Kumar Jaiswal)। ২০২১ চনৰ ২৬ মে'ত চিবিআইৰ সঞ্চালক হিচাবে দায়িত্ব লৈছিল জয়ছোৱালে । উল্লেখ্য যে চিবিআইৰ সঞ্চালকক প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলৰ নেতাক লৈ গঠিত এখন সমিতিয়ে দুবছৰৰ নিৰ্দিষ্ট কাৰ্যকালৰ বাবে বাছনি কৰে (CBI director selection process)। অৱশ্যে কাৰ্যকাল ৫ বছৰলৈকে বৃদ্ধি কৰিব পাৰে ।

লগতে পঢ়ক :Banner of Next CM in Karnataka : কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ !

ABOUT THE AUTHOR

...view details