নিউজ ডেস্ক,১৪ ফেব্ৰুৱাৰী: কৰ্ণাটকৰ বেলাগাভিত আইটি পাৰ্কলৈ ৭৫০ একৰ ভূমি আৱণ্টনৰ অনুৰোধ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী চি এন অশ্বাথ নাৰায়ণৰ ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আইটি পাৰ্ক নিৰ্মাণৰ বাবে ৭৫০ একৰ ভূমি আৱণ্টন দিবলৈ অনুৰোধ জনায় নাৰায়ণে । ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি এই অনুৰোধ জনায় চি এন অশ্বাথ নাৰায়ণে ।
আইটি পাৰ্কৰ বাবে কেন্দ্ৰক অনুৰোধ কৰ্ণাটক চৰকাৰৰ - Karnataka DCM
কৰ্ণাটকৰ বেলাগাভিত আইটি পাৰ্ক নিৰ্মাণৰ বাবে ৭৫০ একৰ ভূমি আৱণ্টনৰ অনুৰোধ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী চি এন অশ্বাথ নাৰায়ণৰ । শনিবাৰে নাৰায়ণে ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি এই অনুৰোধ জনায় ।
ৰাজনাথ সিঙক সাক্ষাৎ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী চি এন অশ্বাথ নাৰায়নৰ
প্ৰতিৰক্ষা মন্ত্ৰালয়ে যদিহে ভূমি আৱণ্টন দিয়ে, তেন্তে ছফটৱেৰ আৰু হাৰ্ডৱেৰ দুয়োটা কোম্পানী আইটি পাৰ্কত স্থাপন কৰিবলৈ কৰ্ণাটক চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰিব ৷ যিহেতু আইটি পাৰ্কৰ ভূমি বেলাগাভিৰ ৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আছে, গতিকে তাত ছফটৱেৰ পাৰ্ক নিৰ্মাণ কৰিব পৰা যাব বুলি কয় নাৰায়ণে । ইফালে এক বিবৃতিযোগে প্ৰকাশ কৰা হৈছে যে, বেলাগাভি এটা শিক্ষা কেন্দ্ৰ আৰু তাত উদ্যান স্থাপন কৰাটো প্ৰয়োজনীয় ।
লগতে পঢ়ক:প্ৰতিবাদকাৰী কৃষকৰ বিৰুদ্ধে গাজিপুৰ সীমান্তবাসীৰ ধৰ্ণা