নেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : কৰ্ণাটকৰ আনেকাল তালুকৰ মুত্তানাল্লুৰৰ ওচৰত এক হত্যাকাণ্ডৰ চাৰি অভিযুক্তই আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় ৷ আনহাতে, আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও গুলীচালনা কৰিবলগা হয় ৷
তথ্য অনুসৰি, এজন 23 বৰ্ষীয় লোকৰ হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত চাৰি লোকক আটক কৰাৰ উদ্দেশ্য উপস্থিত হৈছিল আৰক্ষী ৷ কিন্তু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাত আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগা হয় ৷ ফলত আঘাতপ্ৰাপ্ত হয় গোপী, গংহা, বাসৱ আৰু অনন্ত নামৰ অভিযুক্তকেইজন ৷