নিউজ ডেস্ক, ১৭ মে' : জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্দাৰামাইয়া আৰু কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ দুয়োজনেই বুধবাৰে দেশৰ ৰাজধানীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে (Congress leader Siddaramaiah met Rahul Gandhi) । অৱশ্যে শতিকা পুৰণি দলটোৱে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰাৰ পৰা বিৰত আছে (Karnataka CM Decision pending) ৷ ইয়াৰ পূৰ্বে বুধবাৰে এক দীঘলীয়া বৈঠকৰ পিছত শিৱকুমাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ কেপিচিচিৰ মুৰব্বীয়ে অৱশ্যে সংবাদ মাধ্যমৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল (KPCC president DK Shivakumar met Kharge) ।
শিৱকুমাৰক বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত তেওঁৰ ভাতৃ তথা কংগ্ৰেছ সাংসদ ডি কে সুৰেশৰ বাসগৃহত উপস্থিত হোৱা দেখা যায় । তেওঁ সন্ধিয়াভাগলৈ খাৰ্গে আৰু ৰাহুল গান্ধীৰ সৈতে সাক্ষাৎ কৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে । কংগ্ৰেছৰ অফিচিয়েল মিডিয়া হেণ্ডেলে দুয়োগৰাকী নেতাৰ সৈতে ৰাহুল গান্ধীৰ ফটো শ্বেয়াৰ কৰিছে ।
ৰাহুল গান্ধীক 'জননায়ক' বুলি অভিহিত কৰি কংগ্ৰেছে টুইট কৰে, "কৰ্ণাটকত বিপুল বিজয়ৰ পিছত ৰাহুল গান্ধীজীয়ে ডি কে শিৱকুমাৰজী আৰু সিদ্ধাৰামাইয়াজীক সাক্ষাৎ কৰে ।" উল্লেখ্য, ইয়াৰ পূৰ্বে কংগ্ৰেছৰ কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত নেতা ৰণদীপ সুৰজেৱালাই কয় যে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বিষয়ে বুধবাৰ বা বৃহস্পতিবাৰে ঘোষণা কৰা হ'ব আৰু ৭২ ঘণ্টাৰ ভিতৰত নতুন কেবিনেট গঠন কৰা হ'ব ।