নেশ্যনেল ডেস্ক, 26 আগষ্ট : ISRO ৰ বিজ্ঞানীসকলৰ সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শনিবাৰে বেংগালুৰুত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ বিমান বন্দৰত উপস্থিত নাছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, ৰাজ্যপাল তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকল ৷ যাক লৈ এতিয়া বিভিন্ন মহলৰ মাজত উত্থাপন হৈছে ভিন্ন প্ৰশ্নৰ ৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজ ভাষণত ইয়াৰৰ কাৰণো স্পষ্ট কৰি দিলে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্যিক ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এটা নিৰ্দেশ আহিছিল যে, ৰাজ্যপাল, মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু উপ-মন্ত্ৰীক প্ৰধানমন্ত্ৰীক আদৰিবলৈ আহিব নালাগে ৷ কাৰণ ইমান সোনকালে আহিলে তেওঁলোকে কষ্ট পাব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সেই নিৰ্দেশনাটো পোৱাৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী তথা আন আন মন্ত্ৰীসকল প্ৰধানমন্ত্ৰীগৰাকীকক আদৰণি জনাবলৈ উপস্থিত নাছিল বিমান বন্দৰত ৷
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী তথা আন আন মন্ত্ৰীসকলৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ অনুযায়ী মুখ্য সচিব বন্দিতা শৰ্মা, ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান আলোক মোহন, বেংগালুৰু চহৰৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দ, বেংগালুৰু সংমণ্ডল আঞ্চলিক আয়ুক্ত অম্লান আদিত্য বিশ্বাস, আৰু ডিচিপি দয়ানন্দে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ৷
কি ক’লে প্ৰধানমন্ত্ৰীয়ে :
প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয়, ‘‘ "মই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ ওচৰত আবেদন জনাইছো যে মই পুৱাই আহিম ৷ মোৰ বাবে তেওঁলোকে কষ্ট কৰিব নালাগে ৷ মই ইমান দূৰৰ পৰা আহিছো কেৱল ইছৰোৰ বিজ্ঞানীক লগ কৰিবলৈ । পুৱা মই তেওঁলোকক অভিনন্দন জনাম আৰু গুচি যাম’’ ৷