নিউজ ডেস্ক, ২৭ মে' : শনিবাৰে নৱগঠিত কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব (Karnataka Cabinet expansion) । দক্ষিণ ভাৰতৰ ৰাজ্যখনত কংগ্ৰেছ চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ এসপ্তাহ পিছত মন্ত্ৰীসভাত ২৪ জন বিধায়কক কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে (24 ministers to take oath in Karnataka) । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ লগতে দহজন কেবিনেট মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ২০ মে'ত শপত গ্ৰহণ কৰিছিল । উল্লেখ্য যে কৰ্ণাটক মন্ত্ৰীসভাত সৰ্বমুঠ ৩৪ জন মন্ত্ৰী থাকিব পাৰে ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি, ৰাজভৱনত পুৱা ১১.৪৫ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছে । নতুনকৈ সম্প্ৰসাৰিত কেবিনেটত বিধায়ক এইচ কে পাটিল, কৃষ্ণ বাইৰেগৌড়া, এন চেলুভাৰায়াস্বামী, কে ভেঙ্কটেশ, এইচ চি মহাদেৱাপ্পা, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ঈশ্বৰ খান্দ্ৰে আৰু ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডু ৰাও অন্তৰ্ভুক্ত হ'ব (Siddaramaiah ministry expansion) ।
অন্যান্য সকলৰ ভিতৰত ক্যাটাছান্দ্ৰা এন ৰাজান্না, শৰণবাসপ্পা দৰ্শনপুৰ, শিৱানন্দ পাটিল, ৰামাপ্পা বালাপ্পা টিম্মাপুৰ, এছ এছ মল্লিকাৰ্জুন, শিৱৰাজ সংগপ্পা টাংগাদাগী, চৰণপ্ৰকাশ ৰুদ্ৰপ্পা পাটিল, মনকাল বৈদ্য, লক্ষ্মী হেব্বালকাৰ, ৰহিম খান, ডি সুধাকৰ, সন্তোষ লাড, এন এছ বচেৰাজু, সুৰেশ বি এছ, মধু বংগৰাপ্পা, মধু বঙ্গৰাপ্পা, এম চি সুধাকৰ আৰু বি নাগেন্দ্ৰই শপত গ্ৰহণ কৰিব ।