অসম

assam

ETV Bharat / bharat

আজি কৰ্ণাটকৰ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচন - নিৰ্বাচন

এখন লোকসভা আৰু দুখন বিধানসভা আসনৰ বাবে কৰ্ণাটকত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ ইতিমধ্যে ক'ভিড আক্ৰান্ত হাৰৰ প্ৰতি লক্ষ্য ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ক'ভিড প্ৰ'টকল মানি চলি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কাৰ্য সম্পাদন হৈছে ৷

আজি কৰ্ণাটকৰ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচন
আজি কৰ্ণাটকৰ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচন

By

Published : Apr 17, 2021, 11:55 AM IST

নিউজ ডেস্ক, 17 এপ্ৰিল : কৰ্ণাটকৰ এখন লোকসভা আৰু দুখন বিধানসভা আসনৰ বাবে আজি উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ ক'ভিড প্ৰ'টকলৰ মাজেৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে বেলাগাভি লোকসভা সমষ্টি, মাস্কি, বাসবকল্যাণ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে ক'ভিড আক্ৰান্ত হাৰৰ প্ৰতি লক্ষ্য ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ক'ভিড প্ৰ’টকল মানি চলি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কাৰ্য সম্পাদন হৈছে ৷

প্ৰায় 22 লাখ ভোটাৰে ভোটদান কৰিবলগীয়া কৰ্ণাটকৰ উপ-নিৰ্বাচনৰ বাবে 7 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব অহা 2 মে'ত ৷ উল্লেখ্য যে, সাংসদ সুৰেশ আংগাড়ি আৰু বিধায়ক বি নাৰায়ণ ৰাওৰ মৃত্যু হোৱাৰ বাবে বেলাগাভি লোকসভা সমষ্টি, বাসবকল্যাণ সভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ৷ সমান্তৰালভাৱে প্ৰতাপ গৌড়া পেটেলে বিধানসভাৰ সদস্যপদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে মাস্কিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷

মন কৰিবলগীয়া যে, মাস্কি সমষ্টিৰ বাবে বিজেপিৰ পৰা প্ৰতাপ গৌড়া পেটেলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে কংগ্ৰছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে বাসনাগৌড়া তুৰাভিহালে ৷ ঠিক একেদৰে বাসবকল্যাণ সমষ্টিৰ বাবে কংগ্ৰেছৰ পৰা নাৰায়ণ ৰাওৰ পত্নী মালাই প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিপৰীতে বিজেপিৰ প্ৰাৰ্থী সৰনু চালাগৰে প্ৰাৰ্থীত্ব আগঢ়াইছে ৷ লগতে এই সমষ্টিটোত নিদলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছে মল্লিকাৰ্জুন খুবাই ৷ ইফালে বেলাগাভি লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে সতীশ জাৰ্কিহোলি আৰু বিজেপিৰ হৈ প্ৰয়াত সুৰেশ আংগাড়িৰ পত্নী মাংগালা আংগাড়িয়ে ৷

লগতে পঢ়ক: পশ্চিম বংগৰ 45 টা সমষ্টিত আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details