নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ: অনলাইন গেমে(online game) একাংশ শিশু, কিশোৰ-কিশোৰীক আমোদ দিয়াৰ সমান্তৰালকৈ একাংশৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে । অনলাইন গেমক আহিলা হিচাপে লৈ চাইবাৰ অপৰাধীয়ে নিজৰ জালত পেলাইছে বহু শিশুক । ধ্বংসৰ গৰাহলৈ ঠেলিছে বহুজনক । অনলাইন গেমৰ বাবে সন্তানে পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব নিদিয়াক লৈও একাংশ অভিভাৱক চিন্তিত হৈ পৰিছে ।
শেহতীয়াকৈ চাইবাৰ অপৰাধৰে জড়িত কেইবাটাও অভিযোগ উত্থাপিত হৈছে । সেয়ে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন গেম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । কিয়নো, অনলাইন গেমে আমোদ দিলেও চাইবাৰ অপৰাধৰ ই এক অন্যতম কাৰণ হৈ পৰিছে । সেয়ে, অনলাইন গেম বন্ধ কৰাই সমীচিন হ'ব বুলি চৰকাৰে বিবেচনা কৰিছে ।
বহুতেই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে । কিন্তু স্বাভাৱিকভাৱেই অনলাইন গেমৰ সমৰ্থন কৰা আন একাংশই চৰকাৰৰ বিৰোধিতাও কৰা দেখা গৈছে । অৱশ্যে এই সিদ্ধান্ত অসম চৰকাৰে নহয়, কৰ্ণাটক চৰকাৰেহে গ্ৰহণ কৰিছে ।