অসম

assam

ETV Bharat / bharat

২৫ বছৰত এটা পৰিয়ালৰে ১২ জনক সৰ্প দংশন, মৃত্যু ৫ জনৰ - Govindaraju died after being bitten by snake

গোবিন্দৰাজু হৈছে পৰিয়ালটোৰ শেহতীয়া সৰ্প দংশনৰ বলি হোৱা শেষৰজন সদস্য । বিগত ১৫ আগষ্টত পথাৰত পানী দি থকা অৱস্থাতে সৰ্প দংশনৰ বলি হৈ গোবিন্দৰাজুয়ে মৃত্যুক সাৱটি লয় (Karnataka family bitten by Snakes) ।

KARNATAKA 12 OF A FAMILY BITTEN BY SNAKES IN 25 YEARS 5 DIE
২৫ বছৰত এটা পৰিয়ালৰে ১২ জনক সৰ্প দংশন, মৃত্যু ৫ জনৰ

By

Published : Aug 25, 2022, 9:14 AM IST

নেশ্যনেল ডেস্ক, 25 আগষ্ট: বিগত ২৫ বছৰত এটা পৰিয়ালৰে ১২ জন সদস্যক সাপে দংশন কৰাৰ ফলত ইয়াৰে পাঁচজনৰ মৃত্যু হোৱা বুলি পৰিয়ালটোৰ সদস্যই দাবী কৰিছে । কৰ্ণাটকৰ টুমকুৰু জিলাৰ টোগাৰী ঘাট গাঁৱত সংঘটিত হৈছে এই ঘটনা (Togari Ghatta village in Karnataka incident ) ।

যোৱা ১৫ আগষ্টত পৰিয়ালৰ এজন সদস্য গোবিন্দৰাজুৱে নিজৰ পথাৰত পানী দি থকা অৱস্থাতে সাপে দংশন কৰাৰ ফলত মৃত্যুক সাৱটিব লগা হয় । সাপৰ দংশনৰ ফলত হোৱা মৃত্যুক লৈ তেওঁলোক অধিক আতংকিত হৈ থকা বুলি কৈ তেওঁলোকে পথাৰলৈ যোৱাটো প্ৰায় বন্ধ কৰি দিয়া বুলি পৰিয়ালৰ আনসকল সদস্যই উল্লেখ কৰিলে (Govindaraju died after being bitten by snake)।

সৰ্প দংশনৰ শংকা এতিয়া কেৱল পৰিয়ালৰ সদস্যসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই; বৰঞ্চ গাঁওখনৰ শ্ৰমিকসকলেও নিজৰ পথাৰত কাম কৰিবলৈ যোৱাটো বন্ধ কৰি দিছে । পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁলোকে "ৰাহু আৰু কেতু"ৰ (Rahu and Ketu)পূজা কৰিছিল যদিও নাপালে কোনো সুফল ।

শেহতীয়াকৈ নিহত গোবিন্দৰাজুৰ পত্নী কমলাম্মাই ক’লে, পথাৰত পানী দিবলৈ যোৱাৰ সময়ত তেওঁৰ স্বামীৰ সাপৰ দংশনৰ ফলত মৃত্যু হয় । " আমাৰ পৰিয়ালটোৰ সদস্যসকল সঘনাই সৰ্প দংশন আৰু মৃত্যুৰ বলি হোৱাৰ ঘটনাক লৈ আমি অত্যন্ত দুখী আৰু অধিক আতংকিত হৈ পৰিছো । যিসকলে সমস্যাটো সমাধান কৰিব পাৰে, তেওঁলোকে আমাক সহায় কৰিবলৈ আহ্বান জনাইছো ।"

ইফালে মৃতকৰ ভাতৃ ৰমেশে কয় যে " যোৱা ২৫ বছৰত আমাৰ পৰিয়ালৰ ১২ জন ব্যক্তিক সাপে দংশন কৰিছে আৰু ইয়াৰে পাঁচজনৰ মৃত্যু ঘটিছে । অনুগ্ৰহ কৰি আমাক সহায় কৰক । যদি কাৰোবাৰ হাতত সমাধান আছে তেন্তে আমাক জনাওক ।"

লগতে পঢ়ক:নলবাৰীত সৰ্প দংশনত মৃত্যু কৃষকৰ

ABOUT THE AUTHOR

...view details