মুকলি আকাশৰ তললৈ দেবাংগনা কলিতা - কাৰাগাৰৰ পৰা মুক্তি লাভ দেবাংগনা কলিতাৰ
12:55 June 17
'কা' বিৰোধী প্ৰতিবাদত অংশ লৈ গ্ৰেপ্তাৰ হোৱা দেবাংগনা কলিতাই অৱশেষত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে ৷ জামিনত মুক্তি লাভ দেবাংগনাৰ ৷
নিউজ ডেস্ক, 17 জুন: অৱশেষত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে দেবাংগনা কলিতাই ৷ বৃহস্পতিবাৰে আদালতে দেবাংগনাৰ লগতে নাতাশা নাৰৱাল আৰু আচিফ ইকবাল তানহাক মুক্তি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ৷ দিল্লীৰ কৰকৰডোমা আদালতে এই আদেশ প্ৰদান কৰে ৷ 'কা' আন্দোলনৰ সময়ত দিল্লীৰ হিংসাত জড়িত থকাৰ অভিযোগত কাৰাবন্দী হৈছিল দেবাংগনা কলিতা ৷
জানিব পৰা মতে, দিল্লী আৰক্ষীয়ে অভিযুক্ত কেইগৰাকীক তাৎক্ষণিকভাৱে মুকলি কৰি নিদিয়াৰ দাবী নাকচ কৰি এই নিৰ্দেশ প্ৰদান কৰে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবীন্দ্ৰ বেদীয়ে এই নিৰ্দেশ প্ৰদান কৰে ৷ উল্লেখ্য যে, 16 জুনত দিল্লী আৰক্ষীয়ে তিনিওগৰাকী অভিযুক্তৰ ভেৰিফিকেশ্বনৰ বাবে তিনি দিনৰ সময়সীমা বিচাৰিছিল ৷