অসম

assam

By

Published : Jul 24, 2022, 1:43 PM IST

ETV Bharat / bharat

Kargil Vijay Diwas 2022 : কাৰ্গিল বিজয় দিৱসৰ প্ৰাকক্ষণত জম্মুত ৰাজনাথ সিং

জম্মুত কাৰ্গিল বিজয় দিৱসৰ প্ৰস্তুতি তুংগত । ইয়াৰ মাজতে দেওবাৰে জম্মুত উপস্থিত হ'ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Rajnath Singh at Jammu ahead of Kargil Vijay Diwas)। তেওঁৰ সৈতে আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবালেও যাব জম্মুলৈ ।

Kargil Vijay Diwas 2022
কাৰ্গিল বিজয় দিৱসৰ প্ৰাকক্ষণত জম্মুত ৰাজনাথ সিং

নেশ্যনেল ডেস্ক,২৪ জুলাই :কাৰ্গিল বিজয় দিৱস (Kargil Vijay Diwas) উপলক্ষে দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব । জম্মুত কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে (Rajnath Singh to visit Jammu)। জানিব পৰা মতে ৰাজনাথ সিঙে আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবালেৰ সৈতে কাৰ্যসূচীত উপস্থিত হোৱাৰ কথা আছে ।

জম্মু ভ্ৰমণৰ পূৰ্বে ৰাজনাথ সিঙে টুইট কৰি কয় যে, তেওঁ 'কাৰ্গিল বিজয় দিৱস'ৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ২৪ জুলাইত জম্মু ভ্ৰমণ কৰিব । তেওঁ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৎসাহিত বুলি উল্লেখ কৰিছিল । উল্লেখ্য যে, ১৯৯৯ চনত কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ক স্মৰণ কৰিবলৈ প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয় (Kargil Vijay Diwas is commemorated every 26 July in India)।

ভাৰতীয় সেনাই পাকিস্তানৰ প্ৰবঞ্চনা কেনেদৰে বুজি পাইছিল আৰু তেওঁলোকক পৰাজিত কৰিছিল

১৯৯৯ চনৰ ৮ মে' তাৰিখে পাকিস্তানী সৈন্যক প্ৰথমবাৰৰ বাবে কাৰ্গিল অঞ্চলত ভাৰতীয় ভেৰাৰখীয়াসকলে প্ৰত্যক্ষ কৰিছিল । ভেৰাৰখীয়াসকলে এইকথা ভাৰতীয় সেনাক জনাইছিল । সেনা জোৱানসকলে অঞ্চলটো পৰিদৰ্শন কৰিছিল আৰু জানিব পাৰিছিল যে পাকিস্তানীসকলে ভাৰতীয় সীমান্তত প্ৰৱেশ কৰিছিল । পৰিস্থিতিটো অনুমান কৰি ভাৰতীয় সেনাই প্ৰতিশোধ স্বৰূপে গুলী চালনা কৰে । আশ্চৰ্যজনকভাৱে, পাকিস্তানে ইয়াৰপ্ৰত্যুত্তৰ দিয়া নাছিল । কাৰণ, পাকিস্তানে আন অভিসন্ধি ৰচনা কৰিছিল ।

পাকিস্তান সেনাৰ তদানীন্তন জেনেৰেল পাৰভেজ মুছাৰফে ইতিমধ্যে নিজেই ৰেইকি কৰিছিল যে, সেই সময়ত ভাৰতীয় সেনাই তাত দৈনিক টহল দিবলৈ যোৱা নাছিল । একে সময়তে, সেই অঞ্চলটো ৰাষ্ট্ৰীয় ঘাইপথ-১-ডি-ৰ অতি ওচৰত আৰু এই পথটোৱে লাডাখৰ পৰা কাৰ্গিলৰ সৈতে শ্ৰীনগৰ আৰু দেশৰ বাকী অংশক সংযোগ কৰে । এই পথটো সেনাৰ বাবে এক গুৰুত্বপূৰ্ণ পথ । অঞ্চলটো শত্ৰুৰ দখললৈ যোৱা হ'লে সেনাৰ বাবে যোগান বেয়াকৈ প্ৰভাৱিত হ’লহেঁতেন ।

যেতিয়া পাক সেনাই এই নিজান ঠাই আৰু বতৰৰ সুবিধা লৈ অনুপ্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল, তেওঁলোকৰ প্ৰথম লক্ষ্য আছিল টাইগাৰ হিল দখল কৰা । একে সময়তে, ভাৰতীয় সেনাই এখোজ আগুৱাই গৈ যিকোনো ক্ষেত্ৰতে টাইগাৰ হিল দখল কৰাৰ সিদ্ধান্ত লয় । যিহেতু এইটো আটাইতকৈ কঠিন কাম আছিল, পাকিস্তান সেনাই আনকি ভবা নাছিল যে ভাৰতে এনে পদক্ষেপ ল'ব । ভাৰতীয় সেনাই ইয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল, প্ৰায় ১৮,০০০ ফুট উচ্চতাত অৱস্থিত টাইগাৰ হিল দখল কৰিছিল ।

লগতে পঢ়ক :Arunachal Pradesh Zero crash: বিদায় বেদান্ত; অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা জনালে বন্ধুৱে

ABOUT THE AUTHOR

...view details