নেশ্যনেল ডেস্ক,২৬ জুলাই :দেশজুৰি মঙলবাৰে পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱসৰ (Kargil Vijay Diwas celebrated in India)। শ্ৰীনগৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস ব্যাপকভাৱে পালন কৰা হৈছে (Kargil Vijay Diwas celebrated at Kargil War Memorial)। লাডাখৰ দ্ৰাছত সকলোতকৈ বিশাল অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে । সেনাই শ্ৰীনগৰত কাৰ্গিল যুদ্ধৰ সময়ত নিহত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰিছে । দ্ৰাছৰ যুদ্ধ স্মাৰকত আয়োজিত অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
শ্ৰীনগৰৰ বাদামী বাগ সেনা চাউনিৰ সমীপত যুদ্ধৰ সময়ত নিহত সৈনিকসকলৰ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে । উক্ত স্থানৰ পৰাই কাৰ্গিল বিজয় শিখাৰ যাত্ৰা আৰম্ভ হ'ব আৰু পিছত ঝিলাম নদীহৈ জিৰো দলংলৈ লৈ যোৱা হ'ব । ইয়াৰ পাছতে বিজয় শিখা শ্ৰীনগৰৰ অসামৰিক প্ৰশাসনক হস্তান্তৰ কৰা হ'ব । ইফালে সন্ধিয়ালৈ দাল হ্ৰদত কাৰ্গিল বিজয় দিৱসৰ আন এক কাৰ্যসূচীও আয়োজন কৰা হ'ব ।
ইফালে দেশৰ ৰাষ্ট্ৰপতিয়ে বিজয় দিৱসক লৈ বিশেষ টুইট কৰিছে (President of India tweet on Kargil Vijay Diwas)। নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি কয় যে 'কাৰ্গিল বিজয় দিৱস' হৈছে সশস্ত্ৰ বাহিনীৰ অসাধাৰণ বীৰত্বৰ প্ৰতীক আৰু ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে প্ৰাণ দিয়া বীৰ সৈনিকসকলৰ ওচৰত জনসাধাৰণ সদায় ঋণী হৈ থাকিব । বীৰ শ্বহীদ লগতে সাহসী সৈনিকসকলক স্মৰণ কৰি হিন্দী ভাষাত টুইট কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।