নেচনেল ডেস্ক: কাৰ্গিল যুদ্ধৰ বিজয় উপলক্ষে ৪০ দিনৰ ভিতৰত ৪০০ কিলোমিটাৰ যাত্ৰা অতিক্ৰমৰ লক্ষ্য়ৰে 'কাৰ্গিল বিজয় শিখা দৌৰ' শুকুৰবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ উত্তৰ সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হৈছে । ইতিমধ্যে 'কাৰ্গিল বিজয় শিখা দৌৰ'ৰ ফ্লেগ অফ কৰা হ’ল বুলি এগৰাকী প্ৰতিৰক্ষা মুখপাত্ৰই সদৰী কৰে ।
নৰ্দাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ চীফ অব ষ্টাফ লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমনিয়ামে এই দৌৰৰ শুভাৰম্ভ কৰে । কাৰ্গিল বিজয় দিৱসৰ স্মৃতিত কেইবাটাও ৰাণ-আপ অনুষ্ঠানৰ অংশ আৰু কমাণ্ডৰ ৫১ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দৌৰৰ শুভাৰম্ভ কৰা বুলি প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয়ে সদৰী কৰে ।
সেনাৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে অহা ২৬ জুলাইত কাৰ্গিল বিজয় দিৱসৰ যুদ্ধ স্মাৰকত এই দৌৰৰ সমাপ্তি ঘটিব । উল্লেখ্য় যে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ বিজয়ৰ শিখাই জম্মু কাশ্মীৰ আৰু লাডাখ অঞ্চল অতিক্ৰম কৰিব । প্ৰতিটো অঞ্চলৰ বাবে প্ৰয়োজন অনুসৰি দৌৰবিদ, বাহন, চাইকেল আৰু মটৰচাইকেলেৰে এই শিখা কঢ়িয়াই অনা হ'ব বুলি তেওঁ কয় ।