নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: বুধবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিব্বালে টুইটযোগে উচ্চতম ন্যায়ালয়ক তীব্ৰ সমালোচনা কৰে । উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়া গোচৰ নোলোৱাৰ বাবে সমালোচনা কৰে কংগ্ৰেছ নেতাজনে । কপিল ছিব্বালে টুইটটোত উল্লেখ কৰে যে, এনে সময়ো আছিল, যেতিয়া ইউটিউব নাছিল, কোনো সামাজিক মাধ্যম নাছিল, তেতিয়া উচ্চতম ন্যায়ালয়ে ছপা মাধ্যমত প্ৰকাশিত বাতৰিৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ গোচৰ লৈ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । আদালতে বিপদত পৰা লোকৰ আহ্বান শুনিছিল ।
তেওঁ লগতে কয় যে, কিন্তু এতিয়া দেশৰ নাগৰিকসকলক ৰাজপথতে হত্যা কৰা হয় । উচ্চতম ন্যায়ালয়ক কাম কৰিবলৈ অনুৰোধ কৰিবলগীয়া হৈছে । ছিব্বালে সোমবাৰে লখিমপুৰ খেৰী ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছিল । তেওঁ কয় যে, কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা এই ঘটনাৰ ন্যায়িক তদন্ত কৰা উচিত ।